নিউজ এ এছ এন প্ৰতিনিধি, মাজুলী,৩০ এপ্ৰিল:
মাজুলী আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে একাংশ ছাত্ৰৰ চুলি কটাকলৈ হোৱা বিতৰ্কই আজি চতুৰ্থ দিনত ভৰি দিলে৷ আছুৰ উদ্যোগত আজি কমলাবাৰী ৰাজপথত সাব্যস্ত হ'ল বিশাল প্ৰতিবাদৰ৷ সত্ৰ নগৰীৰৰ শ শ বছৰীয়া পৰম্পৰাক নস্যাৎ কৰি প্ৰশান্ত দোলাকাষৰীয়াই নীতি বহিৰ্ভূতভাৱে বৈষ্ণৱ ছাত্ৰৰ চুলি খপলা খপলকৈ কাটি যি অমানুষিক অত্যাচাৰ চলাইছিল তাক লৈ আজিও উত্তাল হৈ থাকিল সমগ্ৰ মাজুলী ৷ মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সম্পাদক বিতোপন শৰ্মা উপসভাপতি দীপক নেওগৰ নেতৃত্বত আজি ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷
এই কাৰ্যসূচীত মাজুলীৰ প্ৰায় সংখ্যক সত্ৰৰ বৈষ্ণৱৰ অংশগ্ৰহন আছিল অতি লক্ষণীয়৷ প্ৰতিবাদ স্থলীত উপস্থিত থাকি যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সূৰ্য কুমাৰ ভূঞাই কয় যে মাজুলীৰ বাবে অতি লজ্জা আৰু দুৰ্ভাগ্যজনক বিষয়টোৰ সন্দৰ্ভত জিলা প্ৰশাসনে বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহন নকৰিলে ,যাক লৈ সমগ্ৰ বিষয়টো এতিয়া সন্দেহৰ আৱৰ্তত সোমাই পৰিছে৷
বাৰম্বাৰ দাবী জনোৱাৰ পিছতো অসম চৰকাৰ আৰু শিক্ষা বিভাগেও এই ক্ষেত্ৰত বৰ্তমানলৈ কোনো কঠোৰ ব্যৱস্থা গ্ৰহন কৰা নকৰা কথাটোকো অতি দুৰ্ভাগ্যজনক বুলি নেতা জানে অভিহিত কৰে৷ অতিশীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান নকৰিলে পৰিস্থিতি আৰু অধিক ভয়ংকৰ হ’ব বুলিও লগতে কয় ৷
মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা পবিত্ৰ গোস্বামীয়ে বক্তব্য প্ৰসংগত প্ৰসংগত কয় যে জিলা প্ৰশাসনে বিষয়টোত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি আজি পৰ্যন্ত নিৰ্লিপ্ত ভূমিকা পালন কৰাতো ৰহস্যজনক৷ শিক্ষক জনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত নকৰিলে পৰিস্থিতি আৰু অধিক ভয়ানক হ’ব বুলিও তেওঁ সকীয়াই দিয়ে।
ইপিনে যোৱা ২৭ এপ্ৰিলত অনুশাসন ৰক্ষাৰ নামত সত্ৰীয়া পৰম্পৰাক কুঠাৰাঘাত কৰি বহু কেইগৰাকী ভকত ছাত্ৰৰ চুলি খপলা খপলকৈ কাটি দিয়া কাৰ্যত অভিযুক্ত প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াক পূৰ্বৰ পদমর্যাদাসহ আহঁতগুৰি হাইস্কুললৈ বদলি কৰা বুলি জানিব পৰা গৈছে।
কিন্তু উক্ত গৰ্হিত কাৰ্যত সহযোগ কৰাৰ অপৰাধত বিদ্যালয়খনৰ দুই সহশিক্ষক ক্ৰমে কমল দত্ত আৰু ৰূপেশ্বৰ বৰাক যোৰহাট জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ এক নিৰ্দেশ যোগে আজি নিলম্বন কৰিছে। মাজুলী মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিবাদত সেও মানি এই ব্যবস্থা গ্ৰহণ কৰিলেও ইয়াতো উঠিছে বৈষম্যৰ অভিযোগ ।
দুই সহকাৰী শিক্ষকক নিলম্বন আৰু প্ৰধান শিক্ষকক মাজুলী আহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়লৈ প্ৰধান শিক্ষক হিচাপে বদলি কৰাৰ নিৰ্দ্দেশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ । দুই সহ শিক্ষক ক্ৰমে কমল দত্ত আৰু ৰূপেশ্বৰ বৰাক নিলম্বন আনহাতে একেটা ঘটনাৰ মূল অভিযুক্ত প্ৰশান্ত দোলাকাষৰীয়ক বদলি কৰা বিভাগীয় নিৰ্দেশক সম্পূৰ্ণৰূপে বৈষম্যমূলক বুলি অভিযোগ উথাপন হৈছে।
- Log in to post comments
- 16 views