গোলাঘাটত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ  ১২৩ সংখ্যক মৃত্যু তিথি পালন

hemchandra

মিনাক্ষী ফুকন,গোলাঘাট, ৩০ মে ' :

আজি গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু গোলাঘাট শাখা সাহিত্যসভাৰ সহযোগত গোলাঘাটৰ কলেজ তিনিআলিত অৱস্থিত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আৱক্ষ মূৰ্তি স্থলীত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'য়।

hemchandra উক্ত সভাত ভাষাবিদগৰাকীৰ স্মৃতিচাৰণ কৰি গোলাঘাটৰ বিশিষ্ট ব্যক্তিসকল ক্ৰমে সাপ্তাহিক ধনশিৰি কাকতৰ স্বত্বাধিকাৰী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বৰুৱা , অন্যতম জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লৱ গোস্বামী, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি - সম্পাদকদ্বয় সোণাৰাম ভৰালী,বিকাশ শৰ্মা, ৰোহিত গগৈ, সমীৰণ দিগন্ত, দীপমণি খাটনীয়াৰ,মীনাক্ষী ফুকন আদিৰ লগতে বোলছবি পৰিচালক দীনেশ গগৈ, শাখা সাহিত্য সভাৰ হৈ সুনীল ৰাজগুৰু, অপৰাজিতা বৰুৱা, অনিল শৰ্মা আদিয়ে পুষ্পাঞ্জলি অৰ্পণ কৰি ভাষাৰ ওজা  গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।

Your Comments