বাহাৰঘাটৰ পৰা নৰেন শৰ্মা :
যোৱা ২৫ এপ্ৰিল আবেলি দুই বজাৰ পৰা গুৱাহাটী নিজৰাপাৰৰ ৰিফাইনেৰীৰ অস্থায়ী কৰ্মচাৰী খৰ্গেশ্বৰ কলিতা(৪৭) নিৰুদ্দেশ হৈ থকাত পৰিয়াল তথা আত্মীয় সকল চিন্তিত হৈ পৰিছে৷ উল্লেখযোগ্য যে কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কঞা আৰক্ষী থানাৰ অন্তৰ্গত পালেপাৰা গাওঁত জন্মগ্ৰহণ কৰা খৰ্গেশ্বৰে পোন্ধৰ বছৰমান আগতে জিৱীকাৰ সন্ধানত গুৱাহাটী মহানগৰীলৈ গৈছিল৷ মহানগৰীত গৈ তেওঁ ৰিফেইনেৰীত অস্থায়ী কৰ্মচাৰী হিচাবে কৰ্মৰত হৈ আছিল৷ঘটনাৰ দিনাখন তেওঁ ৰাতিপুৱা কৰ্তব্যৰ পৰা আহি ঘৰতে জিৰণি লৈ থাকি দুপৰীয়াৰ ভাগত ঘৰত কোনো নথকা অৱস্থাত ওলাই গৈ ওভতি নহাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে৷ নিৰুদ্দেশ হোৱা সময়ত তেওঁৰ একমাত্ৰ পুত্ৰ স্কুলত আছিল আৰু পত্নী ও অইন ফালে ওলাই গৈছিল৷ অৱশেষত পৰিয়ালৰ তৰফৰ পৰা চান্দমাৰী থানাত এজাহাৰ দাখিল কৰে৷বাতৰি লিখা পৰলৈ লোকজনৰ কোনো সন্ধান পোৱা নাই৷ কোনোবাই লোকজনৰ সন্ধান পালে ৯১০১৭৯০৫৫১/৭০০২০৩১৩৭৫ ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা আহ্বান জনাইছে ৷
বাহাৰঘাটৰ পৰা নৰেন শৰ্মা,,২৭ এপ্ৰিল÷ যোৱা ২৫ এপ্ৰিল আবেলি দুই বজাৰ পৰা গুৱাহাটী নিজৰাপাৰৰ ৰিফাইনেৰীৰ অস্থায়ী কৰ্মচাৰী খৰ্গেশ্বৰ কলিতা(৪৭) নিৰুদ্দেশ হৈ থকাত পৰিয়াল তথা আত্মীয় সকল চিন্তিত হৈ পৰিছে৷ উল্লেখযোগ্য যে কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কঞা আৰক্ষী থানাৰ অন্তৰ্গত পালেপাৰা গাওঁত জন্মগ্ৰহণ কৰা খৰ্গেশ্বৰে পোন্ধৰ বছৰমান আগতে জিৱীকাৰ সন্ধানত গুৱাহাটী মহানগৰীলৈ গৈছিল৷ মহানগৰীত গৈ তেওঁ ৰিফেইনেৰীত অস্থায়ী কৰ্মচাৰী হিচাবে কৰ্মৰত হৈ আছিল৷ঘটনাৰ দিনাখন তেওঁ ৰাতিপুৱা কৰ্তব্যৰ পৰা আহি ঘৰতে জিৰণি লৈ থাকি দুপৰীয়াৰ ভাগত ঘৰত কোনো নথকা অৱস্থাত ওলাই গৈ ওভতি নহাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে৷ নিৰুদ্দেশ হোৱা সময়ত তেওঁৰ একমাত্ৰ পুত্ৰ স্কুলত আছিল আৰু পত্নী ও অইন ফালে ওলাই গৈছিল৷ অৱশেষত পৰিয়ালৰ তৰফৰ পৰা চান্দমাৰী থানাত এজাহাৰ দাখিল কৰে৷বাতৰি লিখা পৰলৈ লোকজনৰ কোনো সন্ধান পোৱা নাই৷ কোনোবাই লোকজনৰ সন্ধান পালে ৯১০১৭৯০৫৫১/৭০০২০৩১৩৭৫ ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা আহ্বান জনাইছে ৷
- Log in to post comments
- 40 views