নলবাৰীৰ  গৰ্ডন বিদ্যালয়ৰ  জৰাজীৰ্ণ ৰূপ : এচপৰাও মাটি নপৰিল ৫ কোটি টকা  অনুদানৰ 

gardan

নলবাৰীৰ পৰা হেমন্ত কলিতা 

১৮৮৭ চনতে স্থাপিত নলবাৰীৰ শিক্ষা জগতৰ ভোটাতৰাস্বৰূপ অসমীয়া মাধ্যমৰ এই বিদ্যালয়খন চহৰৰ কেন্দ্ৰস্থলতে অৱস্থিত গৰ্ডন স্কুল ৷ নলবাৰীৰ  প্ৰাণৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি এই ৰূপ ৷


 উল্লেখ্যযোগ্য যে  নলবাৰী জিলাৰ চহৰৰ লগতে বিভিন্ন দাঁতি কাষৰীয়া অঞ্চলৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ বহুতো ছাত্ৰ এই বিদ্যালয়লৈ ঢপলিয়াই আহিছিল, কিন্তু এতিয়া সেই সোঁত ক্ৰমশঃ স্তব্ধ হ'বলৈ লৈছে । গৰ্ডন স্কুল বুলি কলে বহলাই কোৱাৰ প্ৰযোজন নাই ৷ য'ত সকলো চৰকাৰী কাম- কাজ এই বিদ্যালয়খনতে আৰম্ভৰ পৰা শেষ হয় ৷gardan


কিন্তু এই ঐতিহ্যমণ্ডিত বিদ্যালয়ত শিক্ষাৰ বাবে এক সুস্থিৰ পৰিৱেশ কেতিয়া ঘূৰি আহিব,সেই প্ৰশ্ন বহুতৰে মাজত ৷ বিশেষকৈ যেতিয়াই প্ৰয়োজন হয় ,তেতিয়াই চৰকাৰী আৰু প্ৰশাসনিক পক্ষই এই বিদ্যালয়ক নিজ নিজ কামত ব্যৱহাৰ কৰি আহিছে । কিন্তু আজিৰ এই ভয়াবহ সংকটজনক অৱস্থাত অৱস্থান কৰিছে বিদ্যালয়খনে ৷উল্লেখ্য যে বিগত ৩০ নবেম্বৰ,২০১৫ চনত বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা বিজেপিৰ এক সভাত  বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত শৰ্মাই এখন স্মাৰকপত্ৰ তদানীন্তন  মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে আৰু বিদ্যালয় চৌহদত থকা পুখুৰী সন্দৰ্ভত তেতিয়াৰ সাংসদ ৰমেন ডেকাকো অৱগত কৰোৱা হয়। gardan

তাৰ পিছতে সাংসদ  ৰমেন ডেকাই  প্ৰতিশ্ৰুতি দি   সময়  পাৰ কৰিলে । বিগত  ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত বিদ্যালয়ৰ অধ্যক্ষলৈ ইমেইলযোগে জাননী প্ৰেৰন কৰে  আৰু  ১০ মাৰ্চত ঘোষণা হয় যে বিদ্যালয়ৰ কাম পূৰ্ণ গতিত সম্পন্ন কৰা হ'ব জানিব দিয়ে । তাৰ পিচতে নাবাৰ্ডৰ পৰা অভিযন্তা আহি বিদ্যালয় পৰ্য্যবেক্ষণো কৰি যায়।কিন্তু আজিলৈকে এচপৰা মাটিও পৰা পৰিলক্ষিত নহ'ল ৷


বিগত  ২০১৬ চনতে ঘোষণা কৰা বিদ্যালয়খন আজিও একেই জৰাজীৰ্ণ ৰূপতে আছে । কোন মুহূৰ্তত কাৰ  দুৰ্ঘটনা ঘটে,একো নিশ্চয়তা নাই । জিলা  প্ৰশাসনে বিদ্যালয়খন নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰিছে বেৰত মাত্ৰ ৰং সানিয়ে।ইতিমধ্যে সামাজিক মাধ্যমৰে বিভিন্নজনে 
চৰকাৰলৈ কাতৰে অনুৰোধ জনাই আহিছে যদিও একো কামত অহা নাই ৷ 


সম্প্ৰতি, নলবাৰীৰ সচেতন ৰাইজে ঐতিহ্যমণ্ডিত অনুষ্ঠান এটাক ধ্বংসৰ মুখলৈ ঠেলি নিদিবৰ বাবে কাতৰ অনুৰোধ জনাইছে ৷

Your Comments