শৰাইঘাট দলঙত বুধবাৰে কেইবাঘন্টীয়া যান-জঁট:কেইবাশ বাহন আবদ্ধ

jan jt

নিউজ ডেস্ক:

পুৰণি শৰাইঘাট দলং মেৰামতিৰ  বাবে বন্ধ কৰাৰ পিছত নতুন শৰাইঘাট দলঙত যান-জঁট যথেষ্ট বৃদ্ধি পাইছে। গুৱাহাটী লোকসভা সমষ্টিৰ ভোটদান প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ  পিছদিনা আজি পুৱাৰে পৰা দলংখনত কেইবাঘন্টা ধৰি আবদ্ধ  হৈ পৰে শ-শ যান-বাহন।


যান-বাহন আৰক্ষীয়ে সন্তোষজনক ভূমিকা পালন নকৰাৰ বাবেই আজি 
আমিনগাওঁ-জালুকবাৰী  দুয়োপাৰে প্ৰচণ্ড যান-জঁট হোৱা বুলি অভিযোগ উত্থাপন  কৰে যান-জঁটত আবদ্ধ হৈ পৰা সাধাৰণ নাগৰিকে। ইফালে,কেইবাখনো এম্বুলেন্স  কেইবাঘণ্টা ধৰি আবদ্ধ হৈ পৰাত তাত থকা ৰোগীসকলে যথেষ্ট কষ্ট ভুগে।


 এই সম্পৰ্কত আৰক্ষীৰ সৈতে যোগাযোগ কৰাত আৰক্ষীয়ে যান-জঁটৰ প্ৰকৃত কাৰণ জনাবলৈ অপাৰগ হয়।একাংশ সচেতন লোকৰ  অভিযোগ যে পুৰণি  শৰাইঘাট দলঙৰ নিৰ্মাণকাৰ্য লেহেমীয়া হোৱাৰ বাবেই নিয়মিতভাৱে সৃষ্টি হ'বলৈ ধৰিছে যানযটঁৰ।


ইফালে পুৰণি শৰাইঘাট দলঙৰ নিৰ্মাণকাৰ্য লেহেমীয়া গতিত চলাৰো অভিযোগ উঠিছে। সচেতন মহলে মত প্ৰকাশ কৰিছে যে এই গতিত কাম চলিলে প্ৰশাসনে বান্ধি দিয়া তিনি মাহৰ ভিতৰত মেৰামতি কাৰ্য সম্পূৰ্ণ কৰাতো সম্ভৱপৰ নহ'ব।

Your Comments