লাহৰীঘাটত গোসাঁই উলিওৱা মেলাৰ নামত বৃহৎ জুৱাৰ আড্ডা

juwa

লাহৰীঘটৰ পৰা শ্বামীমুল ইছলাম


মৰিগাঁও জিলাৰ নৈপৰীয়া অঞ্চল লাহৰীঘাটৰ কাঠনীত গোসাঁই উলিওৱা মেলাৰ নামত বৃহৎ জুৱাৰ আড্ডা চলাইছে  দুষ্টচক্ৰই। 


লাহৰীঘাটৰ কাঠনীৰ গৰম বজাৰত পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰৰ দৰে এইবাৰো গোসাঁই উলিওৱা মেলা অনুষ্ঠিত হয়। মেলা উপলক্ষে এটা দুষ্ট চক্ৰই বৃহৎ জুৱাৰ আড্ডা বহুৱায়। 


মেলাত জুৱাৰ আড্ডা চলি থকাৰ  খবৰ পাই  লাহৰীঘাট আৰক্ষীৰ এটি  দলে অভিযান চলাই জুৱাৰ স্থলীৰ পৰা তিনিটা জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 


ধৃত জুৱাৰীকেইটা হৈছে  জিয়াবুৰ ৰহমান, জাকিৰ হুছেইন আৰু জামিৰুল ইছলাম।লগতে জুৱা খেলত ব্যৱহৃত বহু সা-সামগ্ৰী জব্দ কৰি লাহৰীঘাট থানালৈ লৈ আনে আৰক্ষীয়ে।

Your Comments