বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন, ২০ এপ্ৰিলঃ
আজি ৬ নং লোকসভা সমষ্টিৰ বি জে পি,বি পি এফ মিত্ৰজোটৰ তথা অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী কুমাৰ দ্বীপক দাসে ধৰ্মপুৰ বিধান সভা সমষ্টিৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলায় আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয় যুক্ত কৰিবলৈ আহ্বান জনায়।ৰাইজক উদ্দেশ্য কৰি দিয়া ভাষণত কুমাৰ দ্বীপক দাসে কয় যে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ হলে মিত্ৰজোটৰ প্ৰাৰ্থীগৰাকীক ভোট দিব লাগিব।লগতে প্ৰাৰ্থী গৰাকীয়ে দোহাৰে যে অসমৰ সমস্যা ৰাজি সদনত
সবল ভাবে উথ্যাপন কৰিবলৈ হলে হাতীৰ ছবিত ভোট দি নিৰ্বাচিত কৰিব লাগিব।ইয়াৰ পিছত প্ৰাৰ্থী গৰাকীয়ে বিভিন্ন জনৰ লগত মত বিনিময় কৰে আৰু দলীয় সতীৰ্থ সকলৰ লগত বিভিন্ন আলোচনাত মিলিত হয়
- Log in to post comments
- 7 views