নলবাৰীৰ পৰা হেমন্ত কলিতা
শনিবাৰে বিয়লি ৪ মান বজাত নলবাৰী জিলাৰ ওপৰেৰে পাৰ হৈ যোৱা ধুমুহাজাকৰ ফলত জিলাখনৰ বিভিন্ন ঠাইত কম- বেছি পৰিমানে ক্ষয়-ক্ষতি হয়।
বৰআগ্ৰাত বিস্তৰ ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে।
ঠায়ে ঠায়ে গছ উভালি পৰি বিদ্যুৎ সংযোগ ব্যহত হয়।
কেইবাটাও ঘৰৰ টিনৰ চালি ধুমুহাজাকে উৰুৱাই নিয়ে। আনহাতে কৃষকসকলে বীজ সিঁচা জিকা, ভেন্দী, কোমোৰা তিয়ঁহ আদিৰ পুলিবোৰো ধুমুহাজাকে উভালি চুচুৰ্মৈ কৰি থৈ যায়।
- Log in to post comments
- 13 views