কলিয়াবৰত টেংকাৰৰ পৰা তেল চুৰি কৰি থাকোতেই সংঘটিত ভয়ংকৰ অগ্নি কাণ্ড

kaliyabar

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰৰ প্ৰতিবেদন :
কলিয়াবৰৰ কুঠৰীত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
কুঠৰিত এখন লাইন হোটেলত ট্ৰেংকাৰৰ পৰা তেল চুৰি কৰি থকাৰ সময়তেই এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে। মুহূৰ্ততে চানিধৰা জুয়ে ওচৰতে থকা জনৈক চাদ্দাম হুছেইন নামৰ লোকজনৰ মালিকানাধীন হোটেল খনকো সামৰি লয়। অগ্নি কাণ্ড সংঘটিত হোৱা টেংকাৰ খনৰ নম্বৰ এএছ ০১ এ চি ৭৭৬৩ বুলি জানিব পৰা গৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই ততাতৈয়াকৈ নুমুৱাৰ চেষ্টা কৰে । স্থানীয় লোকৰ অভিযোগ মতে আৰক্ষীৰ সহযোগত দীৰ্ঘদিনৰ পৰাই উক্ত হোটেল খনক কেন্দ্ৰ কৰি এইদৰে তেল চুৰী ঘটনা সংঘটিত হৈ আহিছে 

Your Comments