চেঙাৰ কুকাৰপাৰত দিনৰ পোহৰতে এটি পৰিয়ালত দুৰ্বৃত্তৰ লুট,আটক এক,পলাতক দুই দুৰ্বৃত্ত

senga

চেঙাৰ পৰা সুৰজিৎ পাঠকঃ,১১,এপ্ৰিল: বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ  মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত কুকাৰপাৰত বৃহস্পতিবাৰে  দিনৰ দহ মান বজাত এটি পৰিয়ালত দুৰ্বৃত্তই লুটপাত চলাই থকাৰ সময়ত এটা দুৰ্বৃত্তক আৰক্ষীয়ে আটক কৰে । দুটা দুৰ্বৃত্ত মুহূৰ্ততে  পলাই যাবলৈ সক্ষম হয়। জানিব পৰা মতে, কুকাৰপাৰৰ পাচান আলীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ  খিৰিকীৰ ৰদ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি  দুৰ্বৃত্তই লুটপাত চলায় । ঠিক সেই সময়তে গৃহস্থই ঘৰলৈ আহি ঘৰত চোৰ সমোৱাৰ কথা গম পাই ওচৰ চুবুৰীয়াক জনোৱাত ততাতৈয়াকৈ ওচৰত থকা মানুহ আহি পাচান আলীৰ ঘৰত উপস্থিত হয়।লগে লগে কুকাৰপাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফখৰুদ্দিন আহমেদৰ তৎপৰতাত মাজদিয়া আৰক্ষীক খবৰ দিয়া হয়।খবৰ পোৱা মাত্ৰকে মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰেন কলিতাই  কনিষ্ঠবল হৰেন দাসসহ  আৰক্ষীদল এটা লৈ ঘটনাস্থলীত উপস্থিত হয় আৰু এটা দুৰ্বৃত্তক ঘৰৰ ভিতৰত থকা স্নানাগাৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় । আটক হোৱা দুৰ্বৃত্তটো বাঘবৰ থানাৰ অন্তৰ্গত নিজ বাঘবৰ গাঁৱৰ ৰাচেদ মোল্লাৰ পুত্ৰ চাহেদুল মোল্লা(১৯) বুলি জানিব পৰা গৈছে । ধৃত দুৰ্বৃত্তটোৰ পৰা আৰক্ষীয়ে নগদ টকা , ৰূপৰ গহনা আৰু ৰূপৰ পায়েল জব্দ কৰে। লগত থকা আন দুটা দুৰ্বৃত্ত পলায়ন কৰা বুলি স্বীকাৰোক্তি প্ৰদান কৰে ধৃত দুৰ্বৃত্তটোৱে । দুৰ্বৃত্তৰ  দলটোৱে এ এছ ১৫ , এম  ৩৫৭৪ নম্বৰৰ এখন এপাচি বাইকত আহিছিল । আৰক্ষীয়ে গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে ঘটনা সন্দৰ্ভত পাচান আলীয়ে মাজদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ।উল্লখ্য যে এপষেক আগতে তাৰাবাৰী থানাৰ ৰোমাৰী পাথাৰতো দিনৰ পোহৰতে দুটি পৰিয়ালৰ পৰা তিনি লক্ষাধিক টকা আৰু আ-অলংকাৰ লুট কৰিছিল তিনিজনীয়া এটি দুৰ্বৃত্তৰ দলে ।

Your Comments