নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
বিল্ববাসিনী অগ্নিস্বৰূপা শক্তিৰ উৎস শ্ৰীশ্ৰীবাসন্তী দেৱী পূজা আজিৰে পৰা নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ঐতিহ্যমণ্ডিত হাতীচোং সঞ্জীৱনী সংস্কৃত টোল প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে।ত্ৰৈলোক্য ভট্টাচাৰ্যক সভাপতি, অনিল আগমাচাৰ্য , যতীন বৰঠাকুৰ, ভাৰত শৰ্মিক উপ-সভাপতি, মনোৰঞ্জন শৰ্মাক কাৰ্যকৰী সভাপতি,অৱনী শৰ্মাক সম্পাদক, নিপন শৰ্মা, স্বৰূপ ফুকন, মন্টু বৰা, নয়ন জ্যোতি শৰ্মা, গৌতম বৰা, ডম্বৰু শৰ্মাক সহঃ সম্পাদক, পৱন জোতি বৰাক হিচাপ পৰীক্ষক তথা আলোক শৰ্মা আৰু শৈলেনজিৎ শৰ্মাক কাৰ্যালয় সম্পাদক হিচাপে লৈ গঠিত উদযাপন সমিতিয়ে পূজা সুচাৰুৰূপে চলাই নিছে।
কাৰ্যসূচী অনুসৰি ১১ এপ্ৰিলৰ সন্ধিয়া ষষ্ঠী পূজাৰে ৩৪ সংখ্যক শ্ৰীশ্ৰীবাসন্তী পূজা আৰম্ভ হ'ব । ১২ এপ্ৰিলত পুৱা চণ্ডী পাঠ।৭-১২ বজাৰ ভিতৰত নৱপত্ৰিকা প্ৰৱেশ আৰু ১০-৩০ বজাৰ ভিতৰত সপ্তমী বিহিত পূজা সম্পন্ন কৰা হ'ব ।পুৱা ৯ বজাত উপনয়নৰ নন্দী শ্ৰাদ্ধ ,দুপৰীয়া প্ৰসাদ-ভোগ বিতৰণ,বিয়লি স্থানীয় আয়তীসকলৰ নাম--প্ৰসংগ, সন্ধিয়ালৈ উৰুলি প্ৰতিযোগিতা আয়োজিত হ'ব। পৰৱৰ্তী পৰ্যায়ত মুকুল গোস্বামীৰ তত্বাৱধানত বেবেজীয়া অঞ্চলৰ শিল্পীৰ দ্বাৰা আৰতি প্ৰদৰ্শন কৰা হ'ব ।
১৩ এপ্ৰিলৰ পুৱা চণ্ডী পাঠ, ৮-০৪ বজাৰ ভিতৰত অষ্টমী বিহিত পূজা,৮-০৪ৰ পৰা ৮-৫২ বজাৰ ভিতৰত সন্ধি পূজা সম্পন্ন ,পুৱা ১০ বজাৰ পৰা যজ্ঞ মণ্ডপত বিষ্ণু পূজা আৰু আহুতি প্ৰদান , দুপৰীয়া ভূৰবন্ধা নামতী দলৰ নাম পৰিৱেশন আৰু সন্ধিয়া আৰতি ।১৪ এপ্ৰিলত পুৱা চণ্ডী পাঠ, ৮-১৩ বজাৰ ভিতৰত মহানৱমী পূজা, কুমাৰী পূজা, দেৱী যজ্ঞৰ পূৰ্ণাহুতি, ৯-৩৩ বজাৰ ভিতৰত দশমী বিহিত পূজা-দেৱী বিসৰ্জন, অপৰাজিতা পূজা আৰু বলয় ধাৰণ।বিয়লি দেৱী ভাসনেৰে চাৰিদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হ'ব বুলি উদোক্তাসকলে জনাইছে ।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ শ্ৰীশ্ৰীবাসন্তী পূজাৰ প্ৰতিমা বেবেজীয়াৰ ভাৰ্গৱ ভট্টাচাৰ্যই আগবঢ়াইছে।দেৱী দোলাত আগমণ আৰু গজত গমণ হৈছে বুলি জানিব পৰা গৈছে ।
- Log in to post comments
- 55 views