নলবাৰীৰ পৰা হেমন্ত কলিতা
নলবাৰী অসমৰ থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীক বঞ্চিত কৰি অসম চৰকাৰে বহিঃৰাজ্যৰ বৃহৎ প্ৰতিষ্ঠানক ইউনিফৰ্ম যোগানৰ দায়িত্ব দিয়াৰ যো-- জা চলোৱাৰ সময়তে নলবাৰী জিলাত মঙলবাৰে সদৌ অসম স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাৰ আহ্বানত নলবাৰী জিলা স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাৰ পূৰ্নাংগ সমিতি এখন গঠন কৰা হয় ৷ সেই লৈ নলবাৰীত মঙলবাৰে জিলাখনৰ স্কুল ইউনিফৰ্ম যোগানকাৰীসকলৰ এখন সভা অনুষ্ঠিত হৈ যায় ৷ সভাখনত উপস্থিত থকা ইউনিৰ্ফম যোগানকাৰী কল্প তালুকদাৰ আৰু হিতেশ ডেকাই নতুন সমিতিখন গঠন সন্দৰ্ভত বহলভাৱে প্ৰকাশ কৰে ৷
তাৰ পিছতে প্ৰস্তাৱ গ্ৰহণ কৰি কল্প তালুকদাৰক কাৰ্যকৰী সভাপতি, হিতেশ ডেকাক সভাপতি, হেমন্ত কলিতাক মুখ্য সম্পাদক, মনীষ আগৰৱালাক সম্পাদক, মোহন কলিতাক উপ-সভাপতি, মঃ অজয় আলী আৰু দিলীপ দাসক সহকাৰী সম্পাদক, সুভম মুৰাৰকা আৰু সঞ্জীৱ সুত্ৰধাৰক প্ৰচাৰ সম্পাদক, প্ৰদীপ শৰ্মাক হিচাপ পৰীক্ষক হিচাপে লৈ ১৩ জনীয়া জিলা সমিতিখন গঠন কৰা হয় ৷
সভাৰ প্ৰস্তাৱমৰ্মে জিলাখনৰ আন আন ক্ষুদ্ৰ ইউনিফৰ্ম যোগানকাৰীসকলে জিলা সমিতিত অন্তৰ্ভুক্ত হোৱাৰ বাবে সমিতিৰ সভাপতি হিতেশ ডেকাৰ ৭৫৭৭৮৪৭৭৮ আৰু ৯৮৫৪৯৩৫৭৯৪ নম্বৰত যোগাযোগ কৰিবলৈ সমিতিয়ে আহ্বান জনাইছে ৷ উল্লেখ্য যে চলিত শিক্ষা বৰ্ষত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ স্কুল ইউনিফৰ্ম যোগানৰ বাবে অসমৰ বহিৰাগত বৃহৎ প্ৰতিষ্ঠানৰ পৰা যোৱা ৬ মাৰ্চত নিবিদা বিচাৰি জাননি জাৰি কৰে ৷ সেই ভিত্তিত অসমৰ যোগানকাৰীয়ে এখনো আবেদন কৰিবলৈ সক্ষম নোহোৱাটো একপ্ৰকাৰ নিশ্চিত হয়৷ যাৰ বাবে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানে যোগানৰ দায়িত্ব পোৱাটো একপ্ৰকাৰ খাটাং হোৱাত হাহাকাৰ লাগিছে অসমৰ ক্ষুদ্ৰ যোগানকাৰীসকলৰ মাজত ৷
উল্লেখ্য যে নতুন সমিতিৰ সভাপতি হিতেশ ডেকা আৰু মুখ্য সম্পাদক হেমন্ত কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানৰ জৰিয়তে স্কুল ইউনিৰ্ফম যোগান ধৰিব বিচৰা চৰকাৰী হঠকাৰী সিদ্ধান্ত বাতিল কৰিব লাগে।অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগীসকলক সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট বিভাগ সৰ্বশিক্ষা অভিযান, অসমক তেওঁলোকে দাবী জনাইছে ৷
- Log in to post comments
- 35 views