ৱাহিদুদ জামান ,নগাঁও, ৯ এপ্ৰিল :
বিশ্বনাথৰ কাণ্ডক লৈ এইবাৰ সৰৱ হৈ পৰিছে সংখ্যালঘু জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজ । মঙলবাৰে নগাঁৱত এক সংবাদমেল সম্বোধন কৰি কলিয়াবৰ লোকসভা সমষ্টিৰ NPP দলৰ প্ৰাৰ্থী গৰাকীয়ে এই ঘটনাক গৰিহণা দিয়াৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে , শংকৰ-আজানৰ অসমভূমিত এনে ঘটনা আগতে কেতিয়াও হোৱা নাই আৰু ভৱিষ্যতেও হ'ব নালাগে । সকলো দল-সংগঠন তথা ব্যক্তি বিশেষক এইক্ষেত্ৰত সজাগ হ'বৰ বাবে আহ্বান জনায়।বিষয়টো সন্দৰ্ভত দোষীক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ তেওঁ প্ৰশাসনক দাবী জনায়।
- Log in to post comments
- 10 views