নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
বাপতিসাহোন ৰঙালী বিহুলৈ মাজত আৰু ৪ দিন বাকী । ৰাজ্যবাসী সাজু হৈছে নঙলামুখত ৰৈ থকা ৰঙালীক আদৰিবলৈ । গ্ৰামাঞ্চলৰ কৃষিজীৱী ৰাইজ তথা খেতিয়কৰ বাবে ৰঙালী বিহুৰ প্ৰধান কাৰ্যসূচীয়েই হৈছে গৰু বিহু । গৰু বিহুৰ দিনা পুৱাতে নৈ-বিলত নিজৰ গৰু-গাইক মাহ-হালধিৰে নোৱাই-ধোৱাই নপঘাৰে গোহালিত বন্ধা হয় । কৃষিজীৱী ৰাইজৰ বাবে বলধহালেই জীৱিকাৰ একমাত্ৰ সম্বল ।আধুনিকতাৰ কবলত পৰি যন্ত্ৰৰে খেতি কৰিলেও শেষ হোৱা নাই পৰম্পৰা ।গ সেয়েহে গৰু বিহুৰ দিনা নোৱাই-ধোৱাই বলধহালক ন-পঘাৰে নাবান্ধিলে জানো হ'ব । সেয়ে আজিও গ্ৰামাঞ্চলৰ কৃষিজীৱী ৰাইজ ব্যস্ত নপঘা তৈয়াৰ কৰা বা ক্ৰয় কৰাত ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মধ্য অসমৰ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত ৰহাৰ দীঘলদৰি গাঁৱৰ তৰুণ নাথ নামৰ ব্যক্তিজন ব্যস্ত হৈ পৰিছে পঘা তৈয়াৰ কৰাত । উল্লেখযোগ্য যে নাথ দৃষ্টিহীন।তেনে প্ৰতিকূল পৰিস্থিতিটো দৰিদ্ৰ নাথে নিজৰ পেটৰ ভাতমুঠি মোকলাবলৈ সংগ্ৰাম কৰি গৈছে।
বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বৃদ্ধ পেঞ্চন লাভ কৰিছিল নাথে। কিন্তু পৰিৱৰ্তনৰ শ্ল'গানেৰে শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ আজিকোপতি চকু নপৰিল এই তৰুণ নাথৰ প্ৰতি ।
- Log in to post comments
- 34 views