বিশ্বনাথ চাৰিআলিৰ ঘটনাৰ প্ৰতিবাদত শিৱসাগৰত জ্বলিল সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি

sibsagar

 শিৱসাগৰৰ পৰা কল্যাণ জ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :

শিৱসাগৰত আজি বিশ্বনাথ চাৰিআলিৰ ঘটনাৰ প্ৰতিবাদত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰে ঐক্য সেনা অসম, শিৱসাগৰ জিলা সমিতিয়ে। যোৱা ৭ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত গো মাংস বিক্ৰী কৰাৰ অপৰাধত স্থানীয় ব্যৱসায়ী চৌকত আলিক একাংশ  দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰি ঘুণীয়া কৰাৰ লগতে কাণত ধৰাই আঠুকঢ়াই গাহৰি মাংস ভক্ষণ কৰিবলৈ বাধ্য কৰিছিল। sibsagar2

এই ঘটনাক ঐক্য সেনা অসমে তীব্ৰ ভাষাৰে প্ৰতিবাদ কৰাৰ লগতে ব্যক্তিজনক গাহৰি মাংস ভক্ষণ কৰিবলৈ বাধ্য কৰাই সমাজত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ অপচেষ্টা চলোৱা অভিযুক্ত ব্যক্তি কেইজনক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ সংগঠনটোৱে দাবী তুলিছে। 

ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাৰ নেতৃত্বত শতাধিক নেতা কৰ্মীয়ে শিৱসাগৰৰ মাজমজিয়াত দ'লমুখ চাৰিআলিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চৰকাৰৰ গৃহ বিভাগৰ চুড়ান্ত ব্যৰ্থতাৰ বাবেই এনে কাৰ্য্য সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰে। সংগঠনটোৰ বিষয়ববীয়া কেইগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে,  যদিহে উক্ত ঘটনাৰ লগত জড়িত অভিযুক্ত কেইজনক অতিসোনকালে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান নকৰে তেন্তে সমগ্ৰ অসমত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সংগঠনটোৱে স্পষ্ট কৰি দিয়ে৷

Your Comments