ভাষাই কেতিয়াও মানুহক সংকুচিত নকৰে: নন্দ সিং বৰকলা 

kampur

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা :
ভাৰতীয় গণ নাট্য সংঘ আৰু সদৌ অসম কবি সন্মিলন কামপুৰ শাখাৰ উদ্যোগত আজি এখনি গ্ৰন্হ উন্মোচনী সভা অনুস্হিত হয়। কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত বিশিষ্ট সমাজকৰ্মী তথা প্ৰবীন লেখক অনিল বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্হ উন্মোচনী সভাখনৰ আত ধৰে কবি, সাহিত্যিক প্ৰবীন সাংবাদিক মোলান লস্কৰে। গ্ৰন্হ উন্মোচনী সভাখনত গ্ৰন্হ উন্মোচন কৰি দিয়া ভাষনত বিশিষ্ট কবি ,সাহিত্যিক তথা আৰক্ষী বিভাগৰ উচ্চপদস্হ বিষয়া  ডঃ নন্দ সিং বৰকলাই অসমীয়া সাহিত্যৰ ইতিবৃত্ত সম্পৰ্কত তত্বগধূৰ ব্যক্তব্য আগবঢ়ায়।

বিশিষ্ট কবিগৰাকীয়ে কামপুৰ চাংচকীৰ সমাজকৰ্মী তথা প্ৰবীন কবি, লেখক গুন কাকতিদেৱৰ 'অব্যক্ত হিয়াৰ স্বীকাৰোক্তি' নামৰ উপন্যাসখন  উন্মোচন কৰি কয় যে গুনকাকতি দেৱে তেওঁৰ উপন্যাসৰ খনত যি শব্দ  ব্যৱহাৰ কৰিছেসেই শব্দবোৰ একেবাৰে থলুৱা, সহজ সৰল শব্দ, যিয়ে প্ৰতিগৰাকী পঢ়ুৱৈক অসমীয়া জাতীয় জীৱন যাত্ৰালৈ আগুৱাই লৈ যাব‌ ।

বিশিষ্ট সাহিত্যিক নন্দ সিং বৰক'লাই লগতে কয় যে ভাষাই কেতিয়াও মানুহক সংকোচিত নকৰে , ভাষাই মানুহক এখন বহল পৃথিৱীলৈ আগুৱাই লৈ যায়। তেনেক্ষেত্ৰত প্ৰতিজন অসমীয়াই আমাৰ ভাষাটোক   চহকী কৰাত গুৰুত্ব দিব লাগিব বুলিও কয় বিশিষ্ট সাহিত্যিক গৰাকীয়ে।

সভাখনত কবি ,সাহিত্যিক, অধিবক্তা ভাৰত তামূলী ফুকন, সদৌ অসম কবি সন্মিলনৰ নগাঁও জিলাৰ সম্পাদক মদাৰ জ্যোতি বৰা শ্ৰীমন্ত শংকৰদেৱসংঘৰ কামপুৰ জিলা শাখাৰ সভাপতি ৰবিৰাম শইকীয়া, জেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যেক্তিয়ে অসমীয়া সাহিত্যৰ কাব্যিক দিশৰ ওপৰত আলোকপাত কৰে‌ । ‌‌

Your Comments