শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বিশ্ব স্বাস্থ্য দিৱস উদযাপন

paribex dibax

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোঁহাই :

সমগ্ৰ বিশ্বৰ লগতে আজি শিৱসাগৰতো বিশ্ব স্বাস্থ্য দিৱস উদ্‌যাপন কৰা হয়।জিলা স্বাস্থ্য সমিতি আৰু ভাৰতীয় চিকিৎসা সন্থা, শিৱসাগৰ শাখাৰ উদ্যোগত আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত চিকিৎসালয়খনত 'বিশ্ব স্বাস্থ্য দিৱস' উদ্‌যাপন কৰা হয়। অনুষ্ঠানটো উদ্ধোধন কৰে ডিমৌ মডেল হস্পিতেলৰ উপ-অধীক্ষক ডাঃ ৰূপম বৰকাকতীয়ে। চিকিৎসালয়ৰ চৌহদত বৃক্ষ ৰোপণ কৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ গাণনিক মিন্তু দাসে। 'বিশ্ব স্বাস্থ্য দিৱস'ৰ লগত সংগতি ৰাখি অনুষ্ঠিত  সভাত শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ লক্ষ্মণন এছ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰিপুন বৰপূজাৰী, শিৱসাগৰ অসামৰিক চিকিৎসালয় অধীক্ষক ডাঃ ৰাজীৱ বৰুৱা, ডাঃ অৰুণ মাধৱ বৰুৱাকে ধৰি চিকিৎসালয়খনৰ আন আন বিভাগৰ চিকিৎসক, নাৰ্চৰ লগতে বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷  সভাত জিলা উপায়ুক্ত গৰাকীয়ে সভাত উপস্থিতসকলক উদ্দেশ্যি স্বাস্থ্য সম্পৰ্কীয় বহুকেইটা পৰামৰ্শ আগবঢ়ায়।

ইফালে যোৱা ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈকে অনুষ্ঠিত হৈ থকা 'স্বচ্চতাই সেৱা পেষক' শীৰ্ষক কাৰ্যসূচী অধীনত চিকিসালয়ৰ চৌহদত 'স্বচ্চতাৰ' বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আজি চিকিৎসালয়ৰ নাৰ্চিং ষ্টাফ  আৰু নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰৰ নাৰ্চ সকলে চিকিৎসালয়ৰ চৌহদত স্বচ্চতাৰ ওপৰত  দুখনকৈ বাটৰ নাট প্ৰদশন কৰে। বাটৰ নাট উদ্ধোধন কৰে চিকিৎসালয়ৰ মেট্ৰন জুতিকা গগৈ আৰু নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰৰ অধক্ষ্যা বীনা বৰুৱাই। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি নাৰ্চিং ছাত্ৰীসকলৰ মাজত ৰংগোলী প্ৰতিযোগীতাৰ লগতে চিত্ৰাংকন অনুষ্ঠিত কৰে।

Your Comments