নগাঁৱত 'মঞ্জৰী'ৰ চিত্র-ভাস্কৰ্য্য প্ৰদৰ্শনী

wahidud

 নগাঁৱৰ পৰা ৱাহিদুদ জামান

নগাঁও চহৰৰ চলাচল হোটেলত আজিৰে পৰা তিনিদিনীয়াকৈ 'মঞ্জৰী' শীৰ্ষক  চিত্র আৰু ভাস্কৰ্য্য শিল্পৰ এখন প্ৰদৰ্শনী আৰম্ভ হৈছে । নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই এই প্ৰদৰ্শনী বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে।  


উপায়ুক্তগৰাকীয়ে উদ্ধোধন কৰি দিয়া ভাষণত কয় যে চিত্র আৰু ভাস্কৰ্য্য শিল্পই সমাজলৈ বহু আশাৰ বাৰ্তা প্ৰেৰণ কৰে। এই শিল্পৰ লগত জড়িতসকলে শিল্প সাধনৰ জড়িয়তে সমাজৰ এক সঁচা প্ৰতিচ্ছবি দাঙি ধৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে । অনুষ্ঠানত 'কল্লোল'ৰ সম্পাদক নৌছাদ আখতাৰ হাজৰিকা, বিশিষ্ট কবি ডা: প্ৰয়াগ শইকীয়া, শিল্পী টিকেন্দ্ৰজিৎ শইকীয়া, ধীৰাজ বৈশ্য, বিপ্লৱ ভূঞা, পুলকানন্দ কৌশিক, ৰাজীৱ দাস আদিয়ে অংশগ্ৰহণ কৰে। 


তিনিগৰাকী ক্ষাতিসম্পন্ন চিত্র আৰু ভাস্কৰ্য্য শিল্পী হেলা দাস,পৰিনীতা বুজৰবৰুৱা আৰু ডা: দিপালী মহন্ত কায়লৰ নেতৃত্বত 'টি থ্ৰী ডব্লিউ'নামৰ অনুষ্ঠানৰ উদ্যোগত এই প্ৰদৰ্শনী অনুষ্ঠিত  কৰা হৈছে। প্ৰদৰ্শনী অহা ৭ এপ্ৰিললৈ চলিব বুলি উদ্যোক্তাসকলে জনাইছে

Your Comments