বটদ্ৰৱাৰ পৰা মানস জ্যোতি মহন্ত
লোকসভা নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে তালাচী অভিযান ৰাখিছে। জাজৰি সমান্তৰাল ভাৱে অব্যাহত আছে তালাচী অভিযানৰ।মঙলবাৰে বিয়লি জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত কাকমাৰি চাৰিআলিত এ এছ আই খৰসিং তেৰাঙৰ নেতৃত্বত আৰু বটদ্ৰৱা এছএছটি দলৰ সদস্য ভৃগু কুমাৰ বৰা আৰু দিগন্ত বৰাৰ সহযোগিতাত আৰক্ষীৰ এটা দলে চলোৱা এটা তালাচী অভিযানত AS 01 R 2971 নম্বৰৰ এখন টা টা ডি আই গাড়ীৰে কঢ়িয়াই অনা অৱস্থাত ১,০০,৩৯০ টকাৰ নোট আৰু খুচুৰা মুদ্ৰা জব্দ কৰিবলৈ সক্ষম হয়।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 'তাৰা বিড়ি' কোম্পানীৰ তিনিজন কৰ্মচাৰী ক্ৰমে সমীৰ পাল,গৌৰাংগ পাল আৰু বিৰাজ দাস নামৰ তিনিজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে উক্ত তিনিওজন ব্যক্তিয়ে ব্যৱসায়িক সূত্ৰেহে উক্ত টকাখিনি লগত ৰখা বুলি মত পোষণ কৰিছে যদিও,ধনৰাশিৰ লেনদেনৰ কোনো ৰছিদ প্ৰদৰ্শন কৰাৰ পৰা ব্যৰ্থ হয়।ইয়াৰ বাবেই দলটোৰ পৰা অধিক তথ্য উলিওৱাৰ স্বাৰ্থত আৰক্ষীয়ে ধাৰাবাহিক জেৰা অব্যাহত ৰাখিছে।
- Log in to post comments
- 11 views