অহা ২৫ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব লগা মিচিং আগম কেবাঙৰ ২৩ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনৰ আজি লাইখুঁটা স্হাপন কৰা হয় । উজনি মাজুলীৰ ৰতনপুৰ মিৰিৰ অন্তৰ্গত নয়াবজাৰৰ তৰুণ চন্দ্ৰ পামেগাম ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা এই অধিৱেশনৰ উপলক্ষে ৰাতিপুৱা ৯ বজাত মিচিং জনগোষ্ঠীয় ধৰ্মীয় পৰম্পৰাৰে সূৰ্য্য চন্দ্ৰ দেৱতাক সাক্ষী কৰি সকলো মাংগলিক কাৰ্য সম্পন্ন কৰাৰ পিছত এক উদুলি মুদুলি পৰিৱেশত মিচিং আগম কেবাং কেন্দ্ৰীয় সমিতিৰ সভাপতি গোবিন্দ টাইদে আনুষ্ঠানিকভাৱে লাইখুঁটা স্হাপন কৰে ।
অভ্যৰ্থনা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজীৱ পেগুৱে আঁত ধৰা অনুষ্ঠানত সহযোগিতা আগবঢ়ায় মিচিং আগম কেবাংৰ উপসভাপতি হৰিনাৰায়ণ পেগু, কেন্দ্ৰীয় সদস্য উমানন্দ পেগুৱে আৰু উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফনীধৰ টাহুৱে । ইয়াৰ পিছত লুহিত পৰীয়াৰ লাচন বালি গাওঁ, মোৱামাৰী আৰু ৰতনপুৰ মিৰি কৃষ্টি আদি বিভিন্ন কৃষ্টি দলৰ লগতে স্হানীয় বিভিন্ন গাওঁ, সাহিত্য সভাৰ কৰ্মী তথা ৰাইজৰ উপস্থিতিত এক আনন্দ উলাহৰ মাজত মিচিং জাতীয় কৃষ্টি প্ৰদৰ্শন কৰা হয় ।
ফলত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় তৰুণ চন্দ্ৰ পামেগাম ক্ষেত্ৰ । এই অনুষ্ঠানৰ পিছত ২৩ সংখ্যক মিচিং আগম কেবাংৰ সাধাৰণ অধিৱেশন সফল কৰি তোলাৰ উদ্দেশ্য আগত ৰাখি এক আনুষ্ঠানিক সভা অনুষ্ঠিত হয় । ৰাজীৱ পেগুৱে আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ২৩ সংখ্যক মিচিং আগম কেবাং অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি কালিৰাম কুলিয়ে । অভ্যৰ্থনা সমিতিৰ সভাপতি ফনীধৰ টাহু,মিচিং আগম কেবাংৰ সভাপতি গোবিন্দ টাইদ, উপ-সভাপতি হৰিনাৰায়ণ পেগুৱে, সাধাৰণ সম্পাদক নীলকান্ত দলে আদি বিভিন্নজনে বক্তব্য ৰাখে ।
অনুষ্ঠানত উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যাপক জয় চন্দ্ৰ পেগু, মিচিং বানে কেবাংৰ উপসভাপতি ৰণ্জ্ঞিত দলে, টি এম পি কে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰামগোবিন দলে, মিচিং আগম কেবাংৰ, সাধাৰণ সম্পাদক ইলেশ্বৰ দলে, প্ৰচাৰ সম্পাদক ডিম্বেশ্বৰ দলে, উজনি মাজুলী জিলা পৰিষদ সদস্য দেৱজিত পাতিৰ, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ৩২ নং ৰাদাং ৰিক্কং সমষ্টিৰ সাধাৰণ সদস্য উমা পাঠৰী, টি এম পি কে মাজুলী জিলা সমিতিৰ সম্পাদক টুটু পাংগিং, এম এম কে মাজুলী জিলা সমিতিৰ উপসভাপতি ভাস্কৰ পেগু, উজনি মাজুলী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰেখামনি দলে, মাজুলী বিভাগৰ মহকুমা বিষয়া কৃষ্ণ পেগু, বিজেপি উজনি মাজুলী মণ্ডল কমিটিৰ সভাপতি দীন পেগু আদিকে ধৰি বিভিন্ন বিশিষ্ট নাগৰিক উপস্থিত থাকে।
উল্লেখ্য যে অহা ২৫ এপ্ৰিলৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং সাহিত্য সভাৰ ২৩ সংখ্যক সাধাৰণ অধিৱেশন উজনি মাজুলী ৰতনপুৰ মিৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত নয়াবজাৰত অনুষ্ঠিত হ'ব । উক্ত অধিৱেশনত মিচিং ভাষা উন্নয়ন তথা আগুৱাই নিয়াৰ বাবে প্ৰাথমিক পৰ্যায়ত মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰিবলৈ ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীক অলপতে সাক্ষাৎ কৰি এই দাবী উথাপণ কৰা বুলি আজি সদৰী কৰে মিচিং আগম কেবাংৰ সভাপতি গোবিন্দ টাইদে ।
- Log in to post comments
- 17 views