মাজুলী জিলাত আজি কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি' (পিএম-কিষাণ)ৰ শুভাৰম্ভ কৰা হয়। উত্তৰ প্ৰদেশৰ গোৰখপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰীয় স্তৰত এই আঁচনিখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কমলাবাৰীৰ মাজুলী মিলন সংঘত আয়োজিত মাজুলী জিলাস্তৰৰ উদ্বোধনী অনুষ্ঠানত জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই মাজুলীৰ কৃষকসকলৰ বাবে 'পিএম-কিষাণ'ৰ শুভাৰম্ভ কৰে।
এই আঁচনিৰ অধীনত নাম পঞ্জীয়ন হোৱা কৃষক হিতাধিকাৰীসকল আৰু পথাৰ পৰিচালনা সমিতিসমূহৰ সদস্যৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত মাজুলী জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা দত্ত, জিলা কৃষি বিষয়া অৰুণ কুমাৰ পাঠক, জিলা প্ৰমুখ বেংক প্ৰৱন্ধক সঞ্জীত কুমাৰ বৰা, ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰাজেন্দ্ৰ বৰুৱাৰ উপৰি ভালে কেইগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক সন্থাৰ বিষয়ববীয়া, সাংবাদিকে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, ক্ষুদ্ৰ আৰু উপান্ত কৃষকলৈ বছৰি ৬০০০ টকাকৈ সাহাৰ্য প্ৰদানৰ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ আৰম্ভ কৰা পিএম-কিষাণ আঁচনিৰ অধীনত মাজুলী জিলাৰ ২৩৮৭২গৰাকী কৃষক হিতাধিকাৰীৰ নাম ইতিমধ্যে পঞ্জীয়ন কৰা হৈছে। ইয়াৰে ৫গৰাকী কৃষক হিতাধিকাৰীক আজিৰ অনুষ্ঠানতে উপায়ুক্ত মিশ্ৰই 'পিএম-কিষাণ'ৰ সাহাৰ্যৰাশিৰ আৱণ্টন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। ইফালে, এই অনুষ্ঠানতে আজি আকাশবাণী যোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰীৰ "মন কী বাত"ৰ লগতে গোৰখপুৰত আয়োজিত পিএম-কিষাণ আঁচনিৰ ৰাষ্ট্ৰীয় উদ্বোধনী অনুষ্ঠানৰো পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।
- Log in to post comments
- 7 views