বিষাক্ত সুৰাই গোলাঘাট, যোৰহাটৰ বিভিন্ন স্হানত শতাধিকৰো অধিক লোকৰ প্ৰাণ কাঢ়ি লোৱাৰ সময়তে সত্ৰীয়া সংস্কৃতিৰ পীঠস্হান মাজুলীতো অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকা পৰিলক্ষিত হৈছে। ধৰ্মীয় সংস্কৃতিৰ বাহক হিচাপে মাজুলীত সুৰাৰ ব্যৱসায়ৰ বাবে সংশ্লিষ্ট আবকাৰী বিভাগে কোনো অনুজ্ঞাপত্ৰ দিয়া নাই যদিও এচাম সুৰা ব্যৱসাটীয়ে চুলাই মদ তথা বিলাতী মদৰ ব্যৱসায় অবাধ গতিত চলাই আছে। বিশেষকৈ জেংৰাইমুখ তিনিআলিৰ লগতে অবিভক্ত জেংৰাইমুখৰ অন্তৰ্গত বিভিন্ন গাঁৱত এই অবৈধ ব্যৱসায় এতিয়া সহজলভ্য হৈ পৰিছে।
তদুপৰি, উজনি মাজুলীৰ নয়াবজাৰ তথা বিভিন্ন গাঁও, লুহিতপৰীয়া, উজনি চেৰপাই, ফুলনি চাৰিআলি, কাৰ্কিচুক, নাগনচুক, গড়মূৰ, বালিচাপৰি, কমলাবাৰী, বনগাঁও আদি বিভিন্ন ব্যৱসায়িক কেন্দ্ৰসমূহৰ উপৰি ভিতৰুৱা বিভিন্ন গাঁৱত সহজে গঢ় লৈ উঠিছে অবৈধ চুলাই, মদৰ ঘাটি। এই ক্ষেত্ৰত সংশ্লিষ্ট আবকাৰী বিভাগে কেতিয়াবা তৎপৰতা গ্ৰহণ কৰা দেখা যায় যদিও প্ৰায় সময় ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰা দেখা যায়। ব্যৱসায়িক কেন্দ্ৰসমূহতকৈ এতিয়া গ্ৰামাঞ্চলত এই অবৈধ ব্যৱসায় অধিক শক্তিশালী হৈ উঠিছে।
ফলত সমাজৰ আগশাৰীৰ ব্যক্তিৰ লগতে নৱপ্ৰজন্মৰ মাজতো ই সাংঘাতিক ধৰণে কুপ্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। যান্ত্ৰিক যুগৰ সমান্তৰালভাৱে বহুতকে এলেহুৱা কৰি তোলাৰ লগে লগে একাংশ লোকৰ বাবে এতিয়া চুলাই, মদ তথা জুৱাৰ আদ্দা হৈছে একমাত্ৰ অৱসৰ বিনোদনৰ কেন্দ্ৰ। উল্লেখ্য যে গোলাঘাট, যোৰহাটত সংঘটিত অবৈধ সুৰা সেৱনৰ ঘটনাত মৃত্যুৰ কিৰিলিয়ে সমগ্ৰ ৰাজ্যত শোকৰ বন্যা সৃষ্টি কৰাৰ পিছতো যদি সংশ্লিষ্ট আবকাৰী বিভাগে মাজুলীৰ অবৈধ চুলাই মদৰ ব্যৱসায় প্ৰতিৰোধ কৰাৰ কাৰ্যপন্থা গ্ৰহণ নকৰে তেন্তে অদূৰ ভৱিষ্যতে অশনি সংকেত কঢ়িয়াই আনিব পাৰে।
গোলাঘাট-যোৰহাট কাণ্ডত দল সংগঠনৰ প্ৰতিক্ৰিয়া
ৰাজ্য চৰকাৰৰ ছিণ্ডিকেটৰাজ নীতিৰ বাবে অবৈধ সুৰাৰ ফলত গোলাঘাট আৰু যোৰহাটত এতিয়া মৃত্যুৰ কিৰিলি। এই মৰ্মান্তিক, শোকাৱহ ঘটনা ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বাবে সংঘটিত হোৱা বুলি অভিযোগ কৰি ছাত্ৰ সন্থাৰ মাজুলী মহকুমা সমিতিৰ সম্পাদক বিতোপন শৰ্মাই মন্ত্ৰী পৰিমল শুক্লবৈদ্যক নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী তুলিছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মুনিন্দ্ৰ ভূঞাই এই ঘটনাৰ বাবে অসম চৰকাৰে ইয়াৰ পৰিমাণ ভুগিব লাগিব বুলি কয়।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজুলী জিলা শাখাৰ সম্পাদক পৱন্ত শইকীয়া এই ঘটনাৰ বাবে গৰিহণা দিয়াৰ লগতে তদন্তৰ দাবী জনাইছে। টিএমপিকেৰ মাজুলী জিলা সমিতিৰ সম্পাদক টুটু পাংগিঙে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেনাৰ লগতে মৃত লোকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি এক উচ্চস্তৰীয় তদন্তৰ জৰিয়তে দোষীৰ ওপৰত কঠোৰ ব্যৱস্থাৰ দাবী জনাইছে।
- Log in to post comments
- 17 views