যোৱা বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তিপুৰাত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত ছহিদ হোৱা ৪৪গৰাকী চিআৰপিএফ বাহিনীৰ জোৱানৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি আজি মাজুলীৰ কেইবাখনো শংকৰদেৱ শিশু বিদ্যা নিকেতনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱা আঠ বজাৰ লগে লগে জেংৰাইমুখ শংকৰদেৱ শিশু নিকেতনৰ চৌহদত অস্হায়ীভাৱে স্হাপন কৰা ছহিদ বেদীত আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰে প্ৰধান আচাৰ্য ৰিখি দলেই।
এই কাৰ্যসূচীৰ জৰিয়তে জম্মু-কাশ্মীৰত ভাৰতীয় জোৱানক নিষ্ঠুৰভাৱে হত্যাৰ প্ৰতিবাদ জনোৱাৰ লগতে ঘটনাত জড়িত মূল অভিযুক্তক কৰায়ত্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী তোলে। আত্মঘাতী বিস্ফোৰণত নিহত বীৰ ছহিদ জোৱানৰ বিদেহ আত্মাৰ চিৰশান্তিৰ লগতে আহত লোকৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। লগতে নিকেতনৰ শিক্ষক-কৰ্মচাৰী তথা শিক্ষাৰ্থীসকলে বন্তি প্ৰজ্বলন কৰি শেষ শ্ৰদ্ধা জ্বাপন কৰে।
ইয়াৰোপৰি মাজুলীৰ বিভিন্ন শিক্ষানুষ্ঠান ক্ৰমে নতুন বজাৰ, ফুলনি, গড়মূৰ, কমলাবাৰী, বালিচাপৰি, ৰাৱনাপাৰ, বনগাঁও, ৰতনপুৰ গায়ন আদি বিভিন্ন শংকৰদেৱ শিশু নিকেতনসমূহতো এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি নিহত তথা আহত জোৱানৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰে। ইপিনে জেংৰাইমুখ, ফুলনি চাৰিআলি আদিত কালি সন্ধিয়া প্ৰায় পাঁচ বজাত জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ বিসৰ্জন দিয়া জোৱানৰ প্ৰতি সন্মান জনাই ৰাজহুৱাকৈ বন্তি প্ৰজ্বলন কৰে শতাধিক লোকে।
- Log in to post comments
- 4 views