মাজুলীত আছুৰ বন্তি প্ৰজ্জ্বলন

মাজুলীত আছুৰ বন্তি প্ৰজ্জ্বলন

অসম আন্দোলনৰ জাতীয় ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই আজি মাজুলী মহকুমা ছাত্ৰ সন্থাই বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে মণিপুৰ, ত্ৰিপুৰা, অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিল কৰাৰ দাবীত হোৱা আন্দোলনত আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰি মাজুলী মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঠখন আঞ্চলিক ছাত্ৰ সন্থাই মাজুলীৰ বিভিন্ন ৰাজহুৱা স্থানত থকা ছহিদ বেদীত বন্তি প্ৰজ্জ্বলন কৰে৷

জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাই ফুলনি চাৰিআলিৰ ৰাজহুৱা ছহিদ বেদীত এই কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সূৰ্য ভূঞাই অসমৰ এই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হোৱা আন্দোলনত নিৰ্যাতন ভোগ কৰা প্ৰতিগৰাকী ছাত্ৰকৰ্মী আৰু ৰাইজৰ আশু আৰোগ্য কামনা কৰাৰ লগতে এই সংগ্ৰাম আৰু অধিক গতিশীল কৰিবলৈ আহ্বান জনায়। মাজুলীৰ বিভিন্ন প্ৰান্তত হোৱা কাৰ্যসূচীত মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা পবিত্ৰ গোস্বামী, সভাপতি অজিত হাজৰিকা, সাধাৰণ সম্পাদক বিতোপন শৰ্মাই উপস্থিত থাকি কাৰ্যসূচী সফল কৰে।

জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰুৱা আৰু সম্পাদক অবিনাশ বৰাৰ নেতৃত্বত ফুলনি চাৰিআলিৰ ৰাজহুৱা স্থানত কেন্দ্ৰীয় ছহিদ বেদীত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ বিপৰীতে মাজুলী সদৰ গড়মূৰ, ভকতিদুৱাৰ, মধ্য মাজুলী, কমলাবাৰী, গেজেৰা, পূব মাজুলী, নামনি মাজুলী, দক্ষিণ মাজুলী আদি বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই এই বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে।

Your Comments