মাজুলীত মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি আঁচনি শুভাৰম্ভ কৰিলে উদ্যোগমন্ত্ৰীয়ে

majuli_agri_cheque

ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক আৰ্থিক সকাহ দিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ আগ্ৰহত কৃষি বিভাগে নতুনকৈ হাতত লোৱা অভিলাষী কৃষি আঁচনি "মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা"ৰ ৰূপায়ণ কাৰ্য আজিৰে পৰা মাজুলী জিলাতো আৰম্ভ হৈছে। জিলাখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক প্ৰয়োজনীয় কৃষি সা-সঁজুলি ক্ৰয়ৰ বাবে এই আঁচনিৰ অধীনত ৫০০০ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ প্ৰক্ৰিয়া মঙ্গলবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাজ্যৰ পৰিবহন, উদ্যোগ আৰু বাণিজ্য আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

মাজুলী জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে কমলাবাৰীৰ দৰিয়াপাৰস্থিত মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী পাটোৱাৰীয়ে জিলাখনৰ ১২গৰাকী কৃষকক নিজ হাতেৰে এই সাহাৰ্যৰাশিৰ অনুমোদন-পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি আঁচনিখন শুভাৰম্ভ কৰে। অনুষ্ঠানত জিলাখনৰ কৃষক ৰাইজক সম্বোধী মন্ত্ৰী পাটোৱাৰীয়ে কয়, "আমাৰ চৰকাৰে কৃষি খণ্ডৰ উন্নয়ন আৰু আমাৰ কৃষকসকলৰ আৰ্থিক অৱস্থা টনকীয়াল কৰাত বিশেষ অগ্ৰাধিকাৰ দিছে।

আমাৰ কৃষকসকলৰ আৰ্থিক অৱস্থা উন্নত হ'লেহে ৰাজ্যখনৰ উন্নয়ন সম্ভৱ হ'ব। অসমৰ কৃষকসকলৰ উৎপাদন দুগুণলৈ বৃদ্ধিৰ বাবে আমাৰ চৰকাৰে জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে আৰ্থিক দুৰাৱস্থাৰ বাবেই খেতি কৰিবলৈ দৰকাৰ হোৱা সৰু সুৰা কৃষি সা-সঁজুলিও কিনিবলৈ অসুবিধা পাই অহাৰ দিশটো অনুধাৱন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষি বিভাগৰ জৰিয়তে এই অভিলাষী আঁচনিখন ৰূপায়ণৰ ব্যৱস্থা কৰিছে।'

ৰাজ্যত কৃষি খণ্ডক লৈ নতুন প্ৰজন্মৰ মাজতো শেহতীয়াকৈ ইতিবাচক দৃষ্টিভংগী গঢ় লৈ উঠা বুলি মন্ত্ৰীগৰাকীয়ে মতপোষণ কৰে। তেওঁ কয়, "আমাৰ খেতিপথাৰখনতে লক্ষ্মী আছে। অসমৰ যুৱ প্ৰজন্ময়ো এতিয়া এই কথাষাৰ উপলব্ধি কৰিবলৈ লোৱাটো আমাৰ সমাজ জীৱনৰ বাবেই এক অত্যন্ত ইতিবাচক দিশ।" মন্ত্ৰীগৰাকীয়ে  মাজূলীৰ কৃষকসকলক জৈৱিক কৃষি আৰু অধিক উৎপাদনক্ষম উন্নত বৰ্ণসংকৰ জাতৰ ধান খেতিত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, মাজুলীৰ ২০খন গাঁও পঞ্চায়তৰ প্ৰতিখনৰে ১৯০গৰাকী ক্ষুদ্ৰ তথা উপান্ত কৃষকক সামৰি জিলাখনৰ মুঠ ৩৮০০ গৰাকী কৃষক হিতাধিকাৰীক কৃষি সা-সঁজুলি ক্ৰয়ৰ বাবে চলিত সপ্তাহৰ ভিতৰতে বেংকৰ জৰিয়তে এই সাহাৰ্য আগবঢ়োৱা হ'ব। আজিৰ অনুষ্ঠানত মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ, আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, জিলা কৃষি বিষয়া অৰুণ কুমাৰ পাঠক, প্ৰধানমন্ত্ৰীৰ 'কৃষিকৰ্মন' বঁটাপ্ৰাপক মাজুলীৰ প্ৰগতিশীল কৃষক বিনয় লিখক আৰু কমলাবাৰী গাঁও পঞ্চায়তৰ সভাপতি উৎপল ভেৰুৱায়ো অংশগ্ৰহণ কৰে।

Your Comments