অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে খলনায়ক ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ প্ৰতিবাদত ক্ষুব্ধ সদৌ ছাত্ৰ সন্থাৰ মাজুলী মহকুমা ছাত্ৰ সন্থাই আজি মুখ্য মন্ত্ৰীৰ মাজুলীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মাজুলী জিলাৰ সদৰ ঠাই গড়মূৰ তিনিআলিত ক’লা পতাকা দেখুৱাই প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি গড়মূৰৰ ৰাজপথ উত্তপ্ত কৰি তোলে।
অসমীয়াৰ খলনায়কত পৰিণত হোৱা নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, হিন্দু বাংলাদেশীৰ বোজা গ্ৰহণ কৰা নহ'ব, নৰেন্দ্ৰ মোডীৰ অসমত প্ৰৱেশ কৰাৰ অৰ্থ নাই, নৰেন্দ্ৰ মোডী লেই লেই, চেই চেই, বিজেপি চৰকাৰ হুঁচিয়াৰ, ইনকিলাব জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে প্ৰায় আধা ঘণ্টা সময় ৰাজপথ স্তব্ধ কৰি তোলে ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকলে।
ফলত মাজুলীৰ জনসাধাৰণৰ মাজত যাতায়াতৰ সমস্যাৰ সৃষ্টি হয়। মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে দেশৰ সৰ্বকালৰ মিছলীয়া, প্ৰতাৰক প্ৰধান মন্ত্ৰীগৰাকীয়ে কেৱল মিছাৰ আশ্ৰয় লৈয়ে অসমৰ ৰাইজক আঁভুৱা-ভাৰি আহিছে৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সূৰ্য কুমাৰ ভূঞাই কয় যে যিকোনো পৰিস্থিতিৰ বিনিময়ত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা অসম চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰিবই লাগিব।
অন্যথা পৰিস্থিতি ইয়াতকৈও অধিক ভয়াৱহ হ’ব বুলি হুংকাৰ দিয়ে৷ মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা পবিত্ৰ গোস্বামীয়ে বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ লগতে দমনমূলক নীতিক ছাত্ৰ সন্থাই কেতিয়াও ভয় নকৰে৷ প্ৰয়োজন সাপেক্ষে ছাত্ৰ সন্থাই তেজ দিব, কিন্তু অসমীয়া জাতিক কেতিয়াও বিপদলৈ ঠেলি দিয়া সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ বিজেপিৰ কেন্দ্ৰীয় তথা অসম চৰকাৰে ইয়াৰ পৰিণাম ভোগ কৰিবলৈ সাজু থাকিবলৈ সকীয়াই দিয়ে।
- Log in to post comments
- 12 views