প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি আজি বঙাইগাঁৱত আছুকৰ্মীয়ে হাতে হাতে ক'লা পতাকা লৈ প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জিলা আছুৰ কাৰ্যালয় ছহিদ ভৱনৰ সন্মুখৰ মূল ৰাজপথত ৰূপায়ণ কৰা পুত্তলিকা দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আছুকৰ্মীসকলে হাতে হাতে ক'লা পতাকা লৈ নৰেন্দ্ৰ মোডী গ'-বেক, নৰেন্দ্ৰ মোডী হুঁচিয়াৰ, বিজেপি চৰকাৰ গ'-বেক, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, আৰ এছ এছ হয় হায়, বিজেপি চৰকাৰ হুঁচিয়াৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে৷ ইপিনে বঙাইগাঁও আঞ্চলিক আছুৰ সম্পাদক জগদ্বীশ ৰায়ে কয় যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিবই লাগিব৷ এই বিধেয়কখন বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব আৰু ইয়াতকৈও ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব বুলিও কয়৷
পুত্তলিকা দাহ কাৰ্যসূচীত জিলা আছুৰ সভাপতি যিনোদ নাথ, বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কুলজিৎ ৰায় আদিকে ধৰি আছুকৰ্মীসকল উপস্থিত থাকে৷ আনহাতে, বিজনী আঞ্চলিক আছুয়েও আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সদস্য পাৰ্থজিৎ ৰায়ৰ লগতে আঞ্চলিক আছুৰ বিষয়ববীয়া তথা কৰ্মীসকল উপস্থিত থাকে৷
- Log in to post comments
- 13 views