মাজুলী জিলা প্ৰশাসনৰ গুৰুত্বহীনতাৰ সুযোগ লৈ লেচী পক্ষৰ মইমতালি তথা অনভিজ্ঞ চালকৰ বাবে আজি খেৰকটীয়া নৈৰ পানীত পৰিল এখন টাটা চুমু গাড়ী। জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত বৰপমুৱা গাঁৱৰ সমীপত থকা খেৰকটীয়া নৈত আজি আবেলি প্ৰায় ৩ বজাত এখন টাটা চুমু গাড়ী পানীত পৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে মাজুলী চিৰামগাঁও পঞ্চায়তৰ অন্তৰ্গত নতুন বেচামৰা গাঁৱৰ বাসিন্দা অৰুণ পেগুৰ পৰিয়ালৰ নেতৃত্বত এটা ৮জনীয়া দলে বিয়াৰ সূত্ৰে লখিমপুৰৰ এছেৰাকটা বালিজান গাঁৱত লৈ গৈছিল।
বিয়াৰ কাম সম্পন্ন কৰি ঘূৰি আহোঁতে বৰপমুৱা জেংৰাই শিঙিমাৰী সংযোগী পথৰ খেৰকটীয়া নৈত থকা বৰপমুৱা পাৰঘাটৰ মাৰ নাওত উঠাবলৈ লওতে চালকসহ গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই মাৰ নাওৰ ওপৰেদি বাগৰি পৰে নৈখনত । পানীত ডুব যোৱা চালকজন গাড়ীৰৰ ভিতৰৰ পৰা কথমপি উলাই আহি জীৱন ৰক্ষা পৰে ।
গাড়ীখনৰ ভিতৰত বিভিন্ন সা-সম্পত্তি থকা বুলি পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে । দুৰ্ঘটনাত পতিত গাড়ীখন উদ্ধাৰৰ বাবে চেষ্টা চলাইছে যদিও নিশা পৰ্যন্ত গাড়ীখনৰ সন্ধান উলিয়াব পৰা নাই । গাড়ীখন হাউলি বাহপৰা গাঁৱৰ নিবাসী পুতল পেগুৰ গাড়ী আছিল বুলি প্ৰকাশ।
উল্লেখ্য যে মাজুলীৰ অন্যান্য পাৰঘাটৰ লগতে বৰপমুৱা পাৰঘাটত ব্যৱহাৰিত নাওবোৰ অত্যন্ত দুৰ্বল তথা বিপদজনক । এই সন্দৰ্ভত স্হানীয় লোকে যাত্ৰীসকলৰ নিৰাপত্তা সুৰক্ষিত কৰাৰ বাবে দাবী জনাই অহাৰ পিছতো মাজুলী জিলা প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত আজিৰ ঘটনাটো সংঘটিত হোৱা বুলি মন্তব্য কৰিছে।
- Log in to post comments
- 12 views