মানকাচৰৰ পৰা চানবৰ আলী
দক্ষিণ শালমাৰা মহাবিদ্যালয়ৰ লাইব্ৰেৰীয়ান জাহানুৰ ৰহমান আজি এবছৰতকৈ অধিক সময় ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ বর্তমান সময়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। কিন্তু চিকিৎসা কৰিবলৈ হাতত নাই এটকাও। এতিয়া উপায়হীন হৈ ৰাইজৰ সহায়ৰ হাত বিচাৰিছে।
উল্লেখ্য যে তেওঁ এম এ, বি এড, এম লাইব্ৰেৰী, পি এইচ ডি, নেট উত্তীৰ্ণ হৈ ২০০১ চনত দক্ষিণ শালমাৰা মহাবিদ্যালয়ত নিযুক্ত হয়।
কিন্তু আজিলৈকে চৰকাৰে পদ প্ৰাদেশিকীকৰণ নকৰিলে। দুটা সন্তানৰ পিতৃ জাহানুৰে জীয়াই থাকি সমাজৰ বাবে কিবা কৰাৰ ইচ্ছাৰে স্থানীয় দয়ালুৱান ৰাইজ, স্থানীয় জনপ্ৰতিনিধি, বিধায়ক, সাংসদ, শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ পৰা সহায় বিচাৰিছে। আজি তেখেতৰ ঘৰত আছুৰ এটা সঁজাতী দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
তেখেতৰ চিকিৎসাৰ বাবে চৰকাৰ, প্ৰশাসন, জনপ্ৰতিনিধি আৰু দয়াৱান ৰাইজৰ পৰা সহায় বিচাৰে সদৌ দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চৰিফুল ইছলাম প্ৰধানীয়ে। ইচ্ছুকসকলে জাহানুৰ ৰহমানৰ একাউণ্ট নম্বৰ: 03461856962 IFSC : SBIN0002101ত সাহায্য প্ৰদান কৰিব পাৰে৷
- Log in to post comments
- 97 views