সংশ্লিষ্ট ৰাজ্যিক জলসম্পদ বিভাগৰ আওকণীয়া মনোভাব, গুৰুত্বহীনতাৰ বাবে বছৰ বছৰ ধৰি এলাগী হোৱাৰ ফলত সৃষ্টি হোৱা কদৰ্য অৱস্থাৰ বাবে এতিয়া ব্যাপক হাৰত দুৰ্ঘটনা বৃদ্ধি পাইছে পিজিজেএইছ মথাউৰিৰ জেংৰাই মঘুৱাচুক অংশত। মাজুলী জিলাখনৰ উত্তৰ অংশৰ ৰক্ষাকৱচ জেংৰাইমুখ তিনিআলিৰ পৰা পকাজৰাৰ পুৰণিবাৰীত সংযুক্ত পকাজৰা গড়মূৰ জেংৰাই হালধিবাৰী চমুকৈ পিজিজেএইছ মথাউৰিৰ জেংৰাই মঘুৱাচুকৰ পৰা জেংৰাই বালি চাপৰিলৈ প্ৰায় ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত অত্যন্ত খলা-বমাৰে বিধ্বস্ত অৱস্থাই হৈছে বৰ্তমান ইয়াৰ পৰিচয়।
১৯৬২ চনৰ প্ৰলয়ংকৰী বানৰ বিভীষিকাৰ পিছত নিৰ্মাণ কৰা মাজুলীৰ অন্যতম পুৰণি মথাউৰিটোৰ কিছু অংশত বিভাগে মেৰামতি কৰিছে যদিও বেছিভাগ অংশ তথৈবচ। জেংৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত জেংৰাই বালি চাপৰি, জেংৰাই চাপৰি, ঠেকেৰাগুৰি, আমগুৰি, কেঁচাইখোৱা, জেংৰাই মঘুৱাচুক আদিৰ লগতে লখিমপুৰৰ ন ঢলা, পুৰণি ঢলা, এছেৰাকটা বালিজান, ডফলাকটা, গুলিগাঁও, টামাৰ, ছানং, মৰ্টন চাপৰি, মটোম আদিকে প্ৰায় অৰ্ধশতাধিক গাঁৱৰ লোকে প্ৰত্যক্ষভাৱে এই পথেদি (মথাউৰি) শিক্ষানুষ্ঠান তথা ব্যৱসায়িক উদ্দেশ্যে জেংৰাইমুখলৈ আহ-যাহ কৰে।
মাজুলীৰ উত্তৰ দিশৰ পৰা হ'ব পৰা সম্ভাব্য যিকোনো ধৰণৰ বানৰ পৰা মাজুলীবাসীক সুৰক্ষা দিয়া এই মথাউৰিটো নিৰ্মাণ কৰিলেও অঞ্চলটোৰ অৰ্ধশতাধিক গাঁৱৰ লোকৰ বাবে একমাত্ৰ যাতায়াত ব্যৱস্থা। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল, অত্যন্ত ব্যস্ত থকা এই পথেদি শিক্ষাৰ্থীসকলে চাইকেলেৰে জেংৰাইমুখৰ বিভিন্ন বিদ্যালয়লৈ যায়। কিন্তু পথত অৱস্থিত বৃহৎ আকাৰৰ গাঁতসমূহৰ পৰা শিক্ষাৰ্থীসকল বাৰুকৈ বিপাঙত পৰিছে। মাজুলীৰ অন্যান্য মথাউৰিৰ ভিতৰতে তুলনামূলকভাৱে অতি কদৰ্য অৱস্থাৰ মথাউৰিটো মেৰামতিৰ বাবে কাণসাৰ নাই সংশ্লিষ্ট ৰাজ্যিক জলসম্পদ বিভাগৰ।
বিভিন্ন পথচাৰীৰ লগতে শিক্ষাৰ্থীসকল নিতৌ পথ দুৰ্ঘটনাত পতিত হ'বলগা হয়৷ ফলত অভিভাৱক সমাজ চিন্তিত হৈ পৰিছে। উল্লেখ্য যে মাজুলীৰ বিভিন্ন মথাউৰি উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে যদিও এক ৰহস্যজনক কাৰণত এলাগী হৈ আছে পিজিজেএইছ মথাউৰি। সমান্তৰালভাৱে মাজুলী জিলা প্ৰশাসনেও কুম্ভকৰ্ণৰ ভূমিকা পালন কৰিছে।
- Log in to post comments
- 25 views