বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ ফেব্ৰুৱাৰী মাহৰ সভাখন আজি জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত বঙাইগাঁৱত থকা বিভিন্ন বিভাগৰ বিষয়াসকলে জিলাখনত হৈ থকা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে। সভাৰ আৰম্ভণিতে জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে যে অহা ১৫ ফেব্ৰুৱাৰীত মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত ক্ষুদ্ৰ আৰু উপান্ত কৃষকক সা-সঁজুলি প্ৰদানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। তেওঁ আৰু জনায় যে বঙাইগাঁও জিলাত ৬,০৪৪গৰাকী কৃষকক মাটিৰ স্বাস্থ্যপত্ৰ দিয়াৰ লক্ষ্য বান্ধি লোৱা হৈছে আৰু ইতিমধ্যে ১,৪৭০গৰাকী কৃষকক মাটিৰ স্বাস্থ্যপত্ৰ দিয়া হৈছে।
আনহাতে, কৃষি অভিযান্ত্ৰিকীকৰণ বিভাগৰ অভিযন্তাই জানিবলৈ দিয়ে যে বঙাইগাঁৱত ১,৩০৪গৰাকী কৃষকক অগভীৰ নলী-নাদ দিয়াৰ লক্ষ্য বান্ধি লোৱা হৈছে আৰু ইয়াৰ ভিতৰত ১৩০খন আবেদন-পত্ৰ পোৱা গৈছে। এই ক্ষেত্ৰত জিলা উপায়ুক্ত খানে জিলা কৃষি বিষয়াগৰাকীক কয় যে তেওঁ গাঁও পঞ্চায়তৰ সভাপতিৰ জৰিয়তে গাঁৱৰ কৃষকসকলক এই আঁচনিৰ বিষয়ে অৱগত কৰিব লাগে৷ ইপিনে বঙাইগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধকে সভাত জনায় যে প্ৰধান মন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত বঙাইগাঁৱত ১৫৪গৰাকী নিবনুৱা লোকক ঋণ দিয়াৰ লক্ষ্য বান্ধি লোৱা হৈছে। ইয়াৰে ভিতৰত ২৮জন নিবনুৱা লোকলৈ বিভিন্ন বেংকে ঋণ মঞ্জুৰ কৰিছে।
আনহাতে, স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ মিছনৰ অধীনত ২,৩৪২খন আবেদন-পত্ৰ পোৱা গৈছে আৰু ইয়াৰে ভিতৰত ২৭২খন আবেদন বিভিন্ন বেংকে মঞ্জুৰ কৰিছে। অহা ১৪ ফেব্ৰুৱাৰীত এই মঞ্জুৰি-পত্ৰসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ'ব। সভাত গড়কাপ্তানী গৃহ বিভাগৰ অভিযন্তাই জানিবলৈ দিয়ে যে বঙাইগাঁও জিলাত নিৰ্মাণ কৰিবলগা বি এড কলেজৰ বাবে ইতিমধ্যে ৫ বিঘা মাটি পোৱা গৈছিল যদিও সেইখিনি মাটি কম হোৱা বাবে পুনৰ মাটি বিচাৰি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। সেইমৰ্মে আৰু ৩ বিঘা মাটি আবণ্টন পোৱা গৈছে। আনহাতে, বঙাইগাঁও অভিযান্ত্ৰিক কলেজ নিৰ্মাণৰ বাবে নিবিদাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলিও কয়। সেইদৰে গড়কাপ্তানী ৰাজ্যিক পথ বিভাগে জানিবলৈ দিয়ে যে চাপাগুৰিৰ পৰা লেংটিছিঙালৈ বিশ্ব বেংকৰ পুঁজিৰে বনাই থকা ২নং ৰাজ্যিক ঘাইপথৰ কাম ৯০% সম্পূৰ্ণ হৈছে আৰু বাকীখিনি কাম অহা মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব।
সভাত জিলা পশুপালন বিষয়াই জানিবলৈ দিয়ে যে ফেব্ৰুৱাৰী মাহৰ পৰা পশুধন পিয়ল আৰম্ভ কৰা হ'ব। জিলা ক্ৰীড়া বিভাগৰ পৰা জানিবলৈ দিয়ে যে বঙাইগাঁও জিলাৰ ৯খন খেলপথাৰ উন্নয়নৰ বাবে ২০ লাখ টকা চৰকাৰৰ পৰা মঞ্জুৰ কৰা হৈছে। ইয়াৰে প্ৰথম পৰ্যায়ত ৮ লাখ টকা মোকলাই দিয়া হৈছে। আনহাতে, নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ বঙাইগাঁৱত থকা সহকাৰী সঞ্চালকে জানিবলৈ দিয়ে যে চহৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত বঙাইগাঁৱৰ ৬টা বঙাইগাঁও চহৰ সংযোগী পথ বহল আৰু মজবুত কৰাৰ বাবে প্ৰাক্-কলন প্ৰস্তুত কৰি নগৰ উন্নয়ন বিভাগলৈ পঠোৱা হৈছে।
সভাত গড়কাপ্তানী গ্ৰাম্য পথ, ৰাষ্ট্ৰীয় ঘাইপথ, মীন উন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, প্ৰদূষণ নিয়ন্ত্ৰণ, বৈধ পৰিমাণ বিজ্ঞান, জলসিঞ্চন, জলসম্পদ, শ্ৰম আদি বিভাগেও নিজৰ নিজৰ কাম-কাজৰ খতিয়ান দাঙি ধৰে৷ সভাত বিভিন্ন বিভাগৰ বিষয়াসকলক উপায়ুক্ত আদিল খানে কয় যে প্ৰতি মাহৰ ৭ তাৰিখে আগবেলা এঘণ্টা সময় কাৰ্যালয় পৰিষ্কাৰ কৰা কামত নিয়োজিত হ'ব লাগিব আৰু তাৰ ফটোও উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰিব লাগিব৷ সভাত জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী আৰু অতিৰিক্ত উপায়ুক্তসকলো উপস্থিত থাকে।
- Log in to post comments
- 158 views