অসমৰ আদিবাসীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ বঙাইগাঁও জিলা সমিতিয়ে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ গান্ধী ময়দানত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে হাতে হাতে বিভিন্ন প্লে'-কাৰ্ড লৈ আদিবাসীসকলক জনজাতীয় স্বীকৃতি দিয়ক, আমাক সাংবিধানিক অধিকাৰ লাগে, আদিবাসীসকলক চাহ তথা প্ৰাক্তন চাহ জনজাতি কোৱা বন্ধ কৰক, আৱাৰ ডিমাণ্ড লিগেল ডিমাণ্ড, ন' এছ টি ন' ৰেষ্ট, জাগ জাগি যা জাগি যা, আদিবাসী জাগি যা, উই ৱাণ্ট জাষ্টিচ, এছ টি আমাক দিবই লাগিব, এছ টি আমাৰ জন্ম অধিকাৰ, বিজেপি চৰকাৰ হুঁচিয়াৰ আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
উল্লেখ্য যে ধৰ্ণা কৰ্যসূচীৰ অন্তত আছাৰ বঙাইগাঁও জিলা সমিতিয়ে আদিবাসীসকলক শীঘ্ৰ জনজাতিকৰণৰ দাবী জনাই বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰে৷ ইপিনে ধৰ্ণা কাৰ্যসূচীত উপস্থিত থকা আছাৰ উপদেষ্টা হীৰু বাগদীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আদিবাসীসকলৰ জনজাতিকৰণৰ দাবীটো আজিৰ দাবী নহয়, এয়া দীৰ্ঘদিনীয়া দাবী৷ তাৰোপৰি কেন্দ্ৰীয় চৰকাৰে যিহেতু ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিছে, গতিকে এই বাজেট অধিৱেশনতে জনজাতিকৰণৰ বিধেয়কখন গৃহীত কৰিব লাগে৷ অন্যথা কিন্তু আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব৷ আমাক লৈ ফুটবলৰ দৰে খেল খেলাটো চৰকাৰে বন্ধ কৰিব লাগে৷
লগতে অসমত আমাক যি চাহ জনজাতি বুলি কোৱা হয় সেয়া বন্ধ কৰিব লাগে৷ কাৰণ আমি চাহ জনজাতি নহয়, আমি আদিবাসীহে৷ আদিবাসীসকলক আদিবাসী বুলি সন্মান দিব লাগে৷ ভাৰতীয় সংবিধনাত চাহ জনজাতি বুলি কোনো উল্লেখ নাই৷ আমাৰ দাবী হ'ল চলিত মাহৰ ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত আমাক জনজাতিকৰণ লাগে৷ আনহাতে, ট্ৰাইবেল সংঘক আমি জনাই দিব বিচাৰিছো যে 'আপোনালোকে আপোনালোকৰ দায়বদ্ধতাত থাকক৷ কোনোবাই চৰকাৰৰ পৰা কিবা পাইছে, তাত আপোনালোকে নসোমাব৷ আমি এনেয়ে জনজাতিকৰণ বিচৰা নাই৷ আমাৰ অধিকাৰ আছে৷ কাৰণ আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত জনজাতি হিচাপে স্বীকৃত৷
কেৱল অসমতহে আমাক ৰাজনীতিৰ স্বাৰ্থত এই স্বীকৃতিৰ পৰা বঞ্চিত কৰি ৰাখিছে৷' সেয়ে ট্ৰাইবেল সংঘক আদিবাসীসকলৰ জনজাতিকৰণৰ বিষয়ত মাত নামাতিবলৈ সকীয়াই দিয়ে৷ ইপিনে জিলা আছাৰ সভাপতি অমৃত জ'জোৱে কয় যে আমি কোনো চাহ জনজাতি নহয়৷ আমি আদিবাসীহে৷ কিন্তু আমাক জনজাতিৰ সা-সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিবৰ বাবে অসমত চাহ জনজাতি বুলি অভিহিত কৰি আহিছে৷ এইটো আমি মানি নলওঁ৷ আমাৰ যি জনজাতি হিচাপে জন্মগত অধিকাৰ সেই অধিকাৰ আমাক লাগিবই৷ ধৰ্ণা কাৰ্যসূচীত বঙাইগাঁও জিলা আছাৰ সম্পাদক বুধু চাৱাচিকে ধৰি সংগঠনটোৰ জিলা সমিতিৰ বিষয়ববীয়া-কৰ্মীসহ দুই শতাধিক লোকে অংশগ্ৰহণ কৰে৷
- Log in to post comments
- 21 views