গোঁসাইগাঁৱত 'চিভিল ছাৰ্ভিচেজ এচিভাৰ্ছ পইণ্ট'ৰ অভিৰোচনমূলক আলোচনা-চক্ৰ

গোঁসাইগাঁৱত 'চিভিল ছাৰ্ভিচেজ এচিভাৰ্ছ পইণ্ট'ৰ অভিৰোচনমূলক আলোচনা-চক্ৰ

আজি গোঁসাইগাঁও বি এড কলেজত গোঁসাইগাঁও 'চিভিল ছাৰ্ভিচেজ এচিভাৰ্ছ পইণ্ট'ৰ উদ্যোগত আৰু গোঁসাইগাঁও বি এড কলেজৰ সহযোগত এদিনীয়া অভিৰোচনমূলক আলোচনা-চক্ৰ অনুষ্ঠিত হয়৷ উল্লেখ্য যে চিভিল ছাৰ্ভিচেজ এচিভাৰ্চ পইণ্ট নামৰ ক'চিং চেণ্টাৰটোৰটোৱে গ্ৰামাঞ্চলৰ পৰা অধিকসংখ্যক অসামৰিক সেৱাৰ বিষয়া সৃষ্টিৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ কেন্দ্ৰ সম্প্ৰসাৰণ কৰাত গুৰুত্ব আৰোপ কৰি আহিছে৷ প্ৰতিষ্ঠানখনৰ সংগঠক গৌতম দত্তই প্ৰকাশ কৰামতে, ইতিমধ্যে অসমৰ বিভিন্ন অঞ্চলত থকা এই প্ৰতিষ্ঠানটোৰ কেন্দ্ৰকেইটাৰ পৰা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ আনহাতে, আজিৰ অনুষ্ঠানটোত বিটিচিৰ সঞ্চালক ৰবি শংকৰ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জমেশ্বৰ ব্ৰহ্ম, গোঁসাইগাঁও বি এড কলেজৰ অধ্যক্ষ ডঃ অজিত বড়োৰ লগতে গণ্য-মান্য ব্যাক্তিসকল উপস্থিত থাকে৷

Your Comments