অগপ-ইউ ডি এফৰ সমৰ্থনত কংগ্ৰেছৰ দখলত জুৰীয়া আঞ্চলিক পঞ্চায়ত

s

জুৰীয়াৰ পৰা উত্তম বৰা
অগপৰ দুগৰাকী সদস্য আৰু এআইইউডিএফৰ ৮ গৰাকী সদস্যৰ সমৰ্থনত কংগ্ৰেছে দখল কৰে আঞ্চলিক পঞ্চায়তখন ৷ মুঠ ২২ গৰাকী সদস্য থকা আঞ্চলিক পঞ্চায়তখনত ১২ গৰাকী কংগ্ৰেছ দলৰ প্ৰতিনিধি আছে যদিও দলীয় অন্তকন্দলত জৰ্জৰিত দলটোৰ দুগৰাকী কৈ সদস্য সভাপতি আৰু উপসভাপতিৰ দৌৰত থকাত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য হয় ।

ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ সমৰ্থিত প্ৰাৰ্থী আব্দুল ফজল বাহাৰক হৰুৱাই সন্মিলিত প্ৰাৰ্থী কংগ্ৰেছৰে জাকিৰ হুছেইন আৰু উপ-সভাপতি নাছৰিনা তছলিমা জয়ী হয় ৷ কংগ্ৰেছৰ ভোট দুটা ভাগত ভাগ হোৱাত অগপ এআইইউডিএফ সমৰ্থন জনোৱা কংগ্ৰেছ সদস্য জাকিৰ হুছেইনে ১৩টা ভোট লাভ কৰি পঞ্চায়তখন দখল কৰে ৷

সেইদৰে উপস-ভানেত্ৰীৰ পদটো কংগ্ৰেছৰ মফিদুল ইছলামক হৰুৱাই নাছৰিনা তছলিমাই ১৩টা ভোট লাভ কৰি জয়ী হয়৷ ইফালে এই জয় কংগ্ৰেছৰ জয় নহয় বুলি উল্লেখ কৰি কংগ্ৰেছে অগপ আৰু এআইইউডিএফৰ সন্মিলিত জয় বুলিহে উল্লেখ কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে। উল্লেখ্য যে ধিং সমষ্টিৰ অন্তৰ্গত আলিটাঙনী মৌজা আৰু ৰূপহীহাট সমষ্টিৰ জুৰীয়া মৌজাৰ মুঠ ২২খন আসনক লৈ জুৰীয়া আঞ্চলিক পঞ্চায়তখন গঠন হয়।

Your Comments