ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ৰ অধীনস্থ ট্ৰাইবেল কো-অপাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেচন অব্ ইণ্ডিয়া (ট্ৰাইফেড)ৰ উদ্যোগত মঙলবাৰৰ পৰা দহদিনীয়াকৈ বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত মাৰোৱাৰী যুৱ মঞ্চ ভৱনত জনজাতীয় লোকৰ দ্বাৰা প্ৰস্তুত কৰা হস্তশিল্প আৰু হস্ত নিৰ্মিত বস্ত্ৰৰ এক প্ৰদৰ্শনী আৰু বিক্ৰী মেলা আৰম্ভ হৈছে। অহা ১৪ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই হস্তশিল্প আৰু হস্তনিৰ্মিত বস্ত্ৰৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ সন্ধিয়া শুভ উদ্বোধন কৰে ট্ৰাইফেডৰ প্ৰদৰ্শনী বিভাগৰ তত্ত্বাবধায়ক এছ কে ডুবেই। প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰি ট্ৰাইফেডৰ তত্ত্বাবধায়ক এছ কে ডুবেই কয় যে ট্ৰাইফেড হ'ল ভাৰত চৰকাৰৰ অধীনস্থ এক প্ৰতিষ্ঠান, যিয়ে সমগ্ৰ ভাৰতবৰ্ষৰ জনজাতি লোকসকলে প্ৰস্তুত কৰা হস্তশিল্প আৰু বস্ত্ৰৰ সামগ্ৰীসমূহ বিক্ৰী কৰে৷
তেওঁ সমগ্ৰ দেশৰ বিভিন্ন স্থানত ট্ৰাইফেডৰ ১০৫খন খুচুৰা বিক্ৰী কেন্দ্ৰ আছে বুলি জানিবলৈ দি এই বিক্ৰী কেন্দ্ৰসমূহৰ জৰিয়তে সামগ্ৰীসমূহ বিক্ৰী কৰি আহিছে বুলি কয়৷ ইয়াৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শনীৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰি আহিছে বুলিও কয়৷ এই প্ৰতিষ্ঠানৰ জৰিয়তে এই বাবে জনজাতীয় লোকৰ দ্বাৰা প্ৰস্তুতকৃত সামগ্ৰীসমূহ বিক্ৰীৰ ব্যৱস্থা কৰা হয়, যাতে তেওঁলোকে সামগ্ৰীসমূহৰ উচিত মূল্য লাভ কৰিবলৈ সক্ষম হয়৷ লগতে ইয়াৰ ফলত জনজাতি লোকসকলে নিজ ঘৰতে বস্ত্ৰ প্ৰস্তুতকৰণত অধিক মনোনিবেশ কৰিব বুলিও ডুবেই কয়। উল্লেখ্য, প্ৰদৰ্শনীত বিক্ৰী কৰা সামগ্রীসমূহ গ্ৰাহকে দহ শতাংশৰ পৰা ত্ৰিছ শতাংশ ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব।
তত্ত্বাৱধায়কগৰাকীয়ে কয় যে জনজাতি লোকসকলে উৎপাদন কৰা সামগ্ৰীসমূহৰ মান যথেষ্ট উন্নত৷ সেয়ে উৎপাদিত সামগ্ৰীৰ বাবে এখন বজাৰৰ সৃষ্টি কৰি তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা আৰু জীৱন-ধাৰণৰ মান উন্নত কৰাই হ'ল ট্ৰাইফেডৰ লক্ষ্য৷ এই প্ৰদৰ্শনী প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ খোলা থাকিব৷
- Log in to post comments
- 3 views