মাজুলীৰ বিভিন্ন ৰাজপথত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী

ৌ

অসমীয়া জাতিৰ অস্তিত্বলৈ প্ৰচণ্ড ভাবুকি সৃষ্টি কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বাতিলৰ দাবীত বিগত সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মুখ্য মন্ত্ৰী সোণোৱালৰ গৃহ সমষ্টি মাজুলীৰ বিভিন্ন ৰাজপথত আজি পুনৰ উত্তাল হৈ পৰিল।

মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত মাজুলীৰ বিভিন্ন স্হান ক্ৰমে ফুলনি চাৰিআলি, জিলা সদৰ গড়মূৰ তিনিআলি, পূব মাজুলীৰ বনগাঁও, মধ্য মাজুলীৰ কমলাবাৰী, উজনি মাজুলীৰ ভকতি দুৱাৰ, গেজেৰা আৰু দক্ষিণ মাজুলী আদি বিভিন্ন ঠাইত পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ প্ৰায় ১০ ঘন্টা সময় অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবী জনায়।

মাজুলী মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাই ফুলনি চাৰিআলিত এই প্ৰতিবাদী কাৰ্যসূচী কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অবৈধ হিন্দু বাংলাদেশীৰ বোজা মানি লোৱা নহ'ব, হিন্দু মুছলমানৰ ৰাজনীতি বিজেপি চৰকাৰে বন্ধ কৰক, অসমীয়া জাতিক অস্তিত্ব বিপন্ন কৰিব পৰা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব, বিজেপি চৰকাৰ হায় হায়, আহ ঐ আহ, ওলাই আহ, খেদ ঐ খেদ বিদেশীক খেদ, আমাৰ সংগ্ৰাম চলিছে চলিবই, সদৌ ছাত্ৰ সন্থা জিন্দাবাদ ৩০টা জনগোষ্ঠীয় সংগঠন জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ মুখৰ হৈ পৰে মাজুলীৰ ৰাজপথ ।

তদুপৰি বিজেপি নেতৃত্বতাধীন কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সকলো জনগণক ওলাই আহিবলৈ আহ্বান জনোৱা দেশপ্ৰেম মূলক গীত বজায় । জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰুৱা সম্পাদক অবিনাশ বৰাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য সূৰ্য কুমাৰ ভূঞাই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰিবৰ বাবে বিজেপি নেতৃত্বতাধীন কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ৷

বিভিন্ন দল-সংগঠনে উত্তৰ-পূৰ্বাঞ্চল তথা দিল্লীৰ ৰাজপথ উত্তাল কৰি থকাৰ পিছতো চৰকাৰখনে আঁকোৰগোজ মনোভাবক তীব্ৰ সমালোচনা কৰি ভূঞাই কয় যে অসমীয়াৰ স্বাভিমানক নস্যাৎ কৰি এই বিধেয়ক অসমত বলপূৰ্বকভাৱে জাপি দিব বিছাৰে তেতিয়াহ'লে পূৰ্বৰ অসম আন্দোলনতকৈ পৰিস্থিতি অধিক ভয়াবহ হ’ব । ইয়াৰ বাবে বিজেপি চৰকাৰখনে জগৰীয়া হ’ব বুলি স্পষ্ট ভাষাৰে সকীয়াই দিয়ে ।

এই কাৰ্যসূচীত মাজুলী মহকুমা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মা, মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অমূল্য নাথ, মাজুলী জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীপক চেত্ৰীসহ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, সাংবাদিক, ফুলনি চাৰিআলি ব্যৱসায় সন্থাৰ সদস্য, জেষ্ঠ নাগৰিক আদিয়ে উপস্থিত থাকি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবী জনায় । ইপিনে পূব মাজুলীৰ বনগাঁৱত মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা, মধ্য মাজুলীৰ কমলাবাৰীত মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উপসভাপতি দীপক নেওগ, মাজুলী জিলা সদৰ গড়মূৰত মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা পৱিত্ৰ গোস্বামী আদিয়ে কাৰ্যসূচী নেতৃত্ব দিয়ে ।

Your Comments