প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ নামত আজি শাসকীয় বিজেপি আৰু কংগ্ৰেছ কৰ্মী সমুখ সমৰত অৱতীৰ্ণ হয়৷ হতাহতিৰ বাবে উত্তপ্ত হয় মাজুলীৰ গড়মূৰৰ ৰাজপথ। ৰাষ্ট্ৰীয় দল দুটাৰ হতাহতিৰ বাবে প্ৰায় দুই ঘণ্টা সময় সাধাৰণ জনতাৰ যাতায়াত স্তব্ধ হৈ পৰে। উল্লেখ্য যে জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত বিৰোধী দল কংগ্ৰেছৰ সমৰ্থকসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰাৰ বাবে মাজুলী জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখৰ তিনিআলিত উপস্থিত হৈ কাৰ্যসূচী ৰূপায়ণৰ চেষ্টা কৰে৷
কিন্তু আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰাত সেই স্হান এৰি গড়মূৰ তিনিআলিলৈ আগবাঢ়ি গৈ তাতে কাৰ্যসূচী ৰূপায়ণৰ চেষ্টা কৰে কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে। একেটা সময়তে শাসকীয় বিজেপি দলৰ কৰ্মীসকলে অলপতে তিনিচুকীয়া জিলা বিজেপিৰ সভাপতিক আক্ৰমণৰ ঘটনাত জড়িত লোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত উলিওৱা প্ৰতিবাদী সমদলটো কংগ্ৰেছীসকলৰ সৈতে মুখামুখী হয়।
লগে লগে দুই দলৰ কৰ্মীৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাত। শাসকীয় বিজেপি দলৰ কৰ্মীৰ সন্মুখতে কংগ্ৰেছ দলৰ কৰ্মীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা সাজি গড়মূৰ সদৰতেই পুত্তলিকা দাহ কৰিবলৈ লয়৷ এই কাৰ্যত বিজেপি কৰ্মীসকলে বাধা প্ৰদান কৰিবলৈ যাওঁতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। প্ৰায় দুই ঘণ্টা ধৰি দুয়োদলৰ হতাহতিৰ সৃষ্টি হয়।
পৰিস্থিতি অধিক জটিল হোৱালৈ চাই অৱশেষত গড়মূৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলেৰ তাৎপৰতাত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনী মোটায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে সমগ্র ৰাজ্যখনৰ লগতে মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠিছে। আজিৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
- Log in to post comments
- 13 views