বঙাইগাঁৱত বিধেয়ক বাতিলৰ দাবীত কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট

a

অসমৰ জাতীয় স্বাৰ্থৰ পৰিপন্থী জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত আজি বঙাইগাঁৱত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ গান্ধী ময়দানত পুৱা ১১ বজাৰ পৰা দিনৰ ২ বজালৈ ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বিভিন্ন সংগঠনে অংশগ্ৰহণ কৰে ৷ কাৰ্যসূচীত উপস্থিত থকা বিভিন্নজনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বক্তব্যও ৰাখে ৷

লগতে কোনো কাৰণতে এই জাতিধ্বংসী বিধেয়কখন মানি নলয় বুলিও স্পষ্ট কৰি দিয়ে ৷ ইপিনে কাৰ্যসূচীত উপস্থিত থকা বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক সত্য নাৰায়ণ ৰায়ে কয় যে আমি কৰ্মচাৰী পৰিষদে অসমৰ জনসাধাৰণৰ পক্ষত থাকি এই বিধেয়কখনৰ বিৰোধিতা কৰি যাম ৷ কাৰণ সদৌ অসম কৰ্মচাৰী পৰিষদৰ অসম আন্দোলনৰ সময়ত জন্ম হৈছিল ৷

গতিকে অসম বিৰোধী বা অসমক ক্ষতি কৰা কোনো বিধেয়ক তথা আইন যাতে অসমৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিব নোৱাৰে তাৰ বাবে এই বিধেয়কৰ বিৰোধিতা কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি কয় ৷ আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আহ্বান জনাইছো যাতে অসমৰ জাতি-জনগোষ্ঠীৰ স্বাৰ্থত আঘাট হানিব পৰা এই বিধেয়কখন বাতিল কৰে ৷

উল্লেখ্য যে কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বঙাইগাঁও বিধানসভা সমষ্টিৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰী, আছু, বঙাইগাঁও জিলা শিল্পী সমাজ, বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায় আদিয়েও কিছু সময়ৰ বাবে সংগ দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি গ্ৰহণ কৰা কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন ব্যক্ত কৰে ৷ লগতে আগলৈও সমৰ্থন কৰি যাব বুলিও কয় ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলে বিধেয়কখন বাতিলৰ দাবীত বিভিন্ন শ্লোগানো দিয়ে ৷ কাৰ্যসূচীত জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি নিৰ্মল কুমাৰ ৰায়ৰ লগতে অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে৷

Your Comments