বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ নেতৃত্বত বিধেয়ক প্ৰত্যাহাৰৰ দাবীত অগপৰ প্ৰতিবাদী সমদল

2

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ প্ৰত্যাহাৰৰ দাবীত আজি বঙাইগাঁও জিলা অসম গণ পৰিষদ দলৰ উদ্যোগত উলিওৱা প্ৰতিবাদী সমদলত উত্তাল হৈ পৰে বঙাইগাঁও চহৰ ৷ এই প্ৰতিবাদী সমদলৰ নেতৃত্ব দিয়ে স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷ বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত ৰে'লৱে কাৰখানাৰ সন্মুখৰ পৰা উলিওৱা প্ৰতিবাদী সমদল চহৰখনৰ মায়াপুৰী তিনিআলি হৈ গান্ধী ময়দান আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেৰে আহি মূল ৰাজ পথেৰে গৈ জিলা অগপ কাৰ্যালয়ত সামৰণী পৰে ৷

প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা অগপ দলৰ নেতা-কৰ্মীসকলে হাতে হাতে বেনাৰ আৰু দলীয় পতাকা লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মিছলীয়া, এজিপি জিন্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি নিপাত যাওক, হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব, আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বাংলাদেশী খেদ আদি বিভিন্ন শ্লোগান দি গোটেই পথচোৱা উত্তাল কৰি তোলে ৷

q

ইপিনে প্ৰতিবাদী সমদল কাৰ্যসূচীক নেতৃত্ব দিয়া অগপ বিধায়ক ফণীভূষণ চৌধুৰীয়ে কাৰ্যসূচী সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে অসম গণ পৰিষদ দলে নাগৰিকত্ব সংশোধী বিধেয়কৰ বিৰোধিতা কৰি পূৰ্বৰে পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে আৰু তাৰে এটা অংশ হিচাপে আজি বঙাইগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যজুৰি অগপ দলে বিধেয়কখন প্ৰত্যাহাৰৰ দাবীত এনে ধৰণৰ প্ৰতিবাদী সমদল উলিয়াইছে৷

বিধায়কগৰাকীয়ে দলীয় পতাকা জোকাৰি শুভাৰম্ভ কৰা প্ৰতিবাদী সমদল কাৰ্যসূচীত তিনি সহস্ৰাধিক দলীয় নেতা- কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ ইপিনে ৰাজ্যৰ সৰ্বত্ৰে এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ পিচতো বিজেপি চৰকাৰৰ গা নলৰা স্থিতিয়ে ৰাজ্যৰ পৰিৱেশক ক্ৰমাৎ ভয়ংকৰ দিশে ঠেলি দিছে৷

Your Comments