মাজুলীত টিএমপিকেসহ মিচিং সংগঠনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী 

w

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰা, মিচিং স্বায়ত্ত শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, আলি আ:য়ে লৃগাং ৰাজ্যিক বন্ধৰ দিন ঘোষণা কৰাৰ দাবীত আজি মাজুলীত টিএমপিকেসহ মিচিং জনগোষ্ঠীৰ কেইবাটাও সংগঠনে মাজুলী উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে। টিএমপিকে, এমএমকে, টিএমএমকে, ট্ৰাইবেল সংঘ আদি কেইবাটাও সংগঠনে যৌথভাৱে সহস্ৰাধিক প্ৰতিবাদী লোকৰ উপস্থিতিত দিনৰ ১১ বজাত গড়মূৰ মিনি ষ্টেডিয়ামত সমবেত হৈ প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

ট্ৰাইবেল সংঘ মাজুলী জিলা সমিতিৰ সম্পাদক ৰাজীৱ পেগুৱে আঁত ধৰা এই প্ৰতিবাদী সভাত টিএমপিকে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰামগোবিন দলেই কয় জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিজেপি নেতৃত্বতাধীন চৰকাৰখনে বাতিল কৰিবই লাগিব। অন্যথা অসমীয়া জনগণ ক্লান্ত নাথাকে বুলি হুংকাৰ দিয়ে। এমএমকে মাজুলী জিলা সমিতিৰ উপসভাপতি ভাস্কৰ পেগুৱে কয় প্ৰস্তাৱিত ছয় জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰিব । বৰ্তমানৰ জনজাতিসকল শৈক্ষিক,ৰাজনৈতিক, আৰ্থসামাজিক মৰ্যাদা আৰু অধিকাৰৰ পৰা বঞ্চিত হ'লে অসমৰ পৰিস্থিতি জটিল হ'ব বুলি কয় ।

এনে পৰিপ্ৰেক্ষিতত বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহবান জনায়। টিএমপিকে মাজুলী জিলা সমিতিৰ সম্পাদক টুটু পাংগিঙে অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ দৰে মিচিং জনগোষ্ঠীৰলোক সকলেও আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে বুলি উল্লেখ কৰি মিচিং স্বায়ত্ত শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় । এই সংগ্ৰাম আগুৱাই নিয়াৰ বাবে এক বিন্দু তেজ থকালৈকে যুজঁ দি যাব বুলি মত প্ৰকাশ কৰে ।

ইয়াৰ পিছত প্ৰতিবাদী লোকসকল গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা মাজুলী জিলা উপায়ুক্ত কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি যায় । উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলে হাতে হাতে পুষ্টাৰ, বেনাৰ, প্লেকাৰ্ড, ফেষ্টুন লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, মিচিং স্বায়ত্ত শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰক, জাতীয় উৎসৱ আলি আয়ে লৃগাং দিনটো ৰাজ্যিক উৎসৱ হিচাপে ঘোষণা কৰক, টিএমপিকে জিন্দাবাদ, ট্ৰাইবেল সংঘ জিন্দাবাদ, বিজেপি চৰকাৰ হায় হায়, ছয় জনগোষ্ঠী জনজাতিকৰণ বন্ধ কৰক, এমএমকে জিন্দাবাদ, এই সংগ্ৰাম চলিছে চলিবই, আমাৰ দাবী ন্যাৰ্য দাবী আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাৱস্ত কৰে।

এই প্ৰতিবাদী কাৰ্যসূচী লৈ ওলাই অহা মাজুলী ৰাজহ-চক্ৰ বিষয়া অজিত শৰ্মাৰ জৰিয়তে চাৰিদফীয়া দাবী ক্ৰমে ছয় জনগোষ্ঠী জনজাতিকৰণ বন্ধ কৰা, মিচিং স্বায়ত্ত শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অন্তৰ্ভুক্ত কৰা,আলি আ:য়ে লৃগাংৰ দিনটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰা আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা আদি বিষয়ক স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। 

Your Comments