গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
গোলাঘাটৰ অন্যতম লেখক, সাংবাদিক, অক্লান্ত প্ৰকৃতিপ্ৰেমী তথা দেওপাহাৰ সংৰক্ষণ আন্দোলনৰ সতীৰ্থ অপূৰ্ব বল্লৱ গোস্বামীলৈ এই বৰ্ষৰ সন্মানীয় বঁটা হোমেন বৰগোহাঞি ন্যাসৰ "সেউজ বঁটা" প্ৰদান কৰা হৈছে। বন সংৰক্ষণৰ অৰ্থে সদায় মাত মাতি অহা গোস্বামীয়ে ইতিমধ্যে গোলাঘাটৰ প্ৰাকৃতিক ভাৰসাম্য বহনকাৰী নামবৰ অভয়াৰণ্যৰ ধ্বংস যজ্ঞৰ বিৰুদ্ধে সৱল কণ্ঠস্বৰৰে মাত মাতি আহিছে।
তেওঁৰ প্ৰচেষ্টাতে দেওপাহাৰ বনাঞ্চলক ১৯৯৯ চনত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যকে ধৰি জিলাখনৰ বনাঞ্চলসমূহ সংৰক্ষণৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ জৰিয়তে সজোঁৰে প্ৰতিবাদ কৰি আহিছে। কাৰ্বিআংলং জিলাৰ ঐতিহাসিক জৈৱ-বৈচিত্ৰ সিংহাসন পাহাৰৰ সম্পৰ্কত সংবাদ মাধ্যমৰ যোগেদি জনসাধাৰণক পৰিচয় কৰি দিয়াৰ লগতে লুঙী, পট্টাদিচা, চেলাবৰ, সোণাৰীজান, সৰগুৰি, নামবৰ-কালিয়নী, দৈগ্ৰোং, কঁহৰা, ডিফলু, নামেৰে ১০খন নদী উক্ত পাহাৰখনৰ পৰাই উৎপত্তি হোৱাৰ সম্পৰ্কত তথ্য আগবঢ়াই পাহাৰখনৰ সংৰক্ষণত গুৰুত্ব প্ৰদান কৰি আহিছে।
উল্লেখ্য যে চোৰাং চিকাৰী বিৰুদ্ধে থকা বন্যপ্ৰাণী হত্যাৰ এক গোচৰ অসম চৰকাৰে কৌশলেৰে আদালতৰ পৰা উঠাই দিয়াত গোস্বামীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০০২ চনৰ ৩১ জুলাইত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দিয়াত উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ নিৰ্দেশ বাতিল কৰি পুনৰ গোচৰটো চলাই নিবলৈ গোস্বামীৰ পক্ষত ৰায়দান কৰে। ইয়াৰোপৰি ২০০৬ চনত অইল ইণ্ডিয়াই ব্ৰহ্মপুত্ৰৰ ওপৰত চলাব বিচৰা ভূকম্পন জৰীপৰ বিৰুদ্ধেও গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিছিল।
শেহতীয়াকৈ কাজিৰঙা, কাৰ্বিআংলং ইণ্টাংকি হস্তী প্ৰকল্পত চোৰাং শিল-বালিৰ মাফিয়াই অবৈধভাৱে শিল-বালি খনন কৰি কাজিৰঙাৰ বন্যপ্ৰাণীৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়ত এক বলিষ্ঠ পদক্ষেপৰে সংবাদ পৰিৱেশন কৰাৰ লগতে আৰক্ষীৰ ওচৰত গোচৰো ৰুজু কৰিছিল।
প্ৰকৃতিৰ প্ৰতি থকা দায়িত্ব, মৰমৰ প্ৰতিশ্ৰুতিৰে গোস্বামীয়ে লিখি উলিয়াইছিল "নামবৰৰ পৰা ম্যানমাৰলৈ" শীৰ্ষক গ্ৰন্থখনি। কালি হোমেন বৰগোহাঞি ন্যাসৰ এক সংবাদমেলত ন্যাসৰ সভাপতি ডিম্বেশ্বৰ গগৈ, সচিব চন্দ্ৰ চুতীয়াকে ধৰি আন বিষয়ববীয়াৰ উপস্থিতিত গোস্বামী লৈ তেওঁৰ অৱদানৰ ভিত্তিত এই সন্মান ঘোষণা কৰাৰ লগে লগে সমগ্ৰ অসমৰ লগতে গৃহ চহৰ গোলাঘাটতো আনন্দৰ বণ্যা বয়।
- Log in to post comments
- 52 views