বিশেষ প্ৰতিনিধি কামপুৰ
"শ্ৰীমন্ত শংকৰ সংঘ সদায় ৰাজনৈতিকভাৱে মুক্ত এটা জাতীয় অনুষ্ঠান। শ্ৰীমন্ত শংকৰ সংঘ এটা অৰাজনৈতিক আৰু ৰাইজৰ অনুষ্ঠান । শ্ৰীমন্ত শংকৰ সংঘই ৰাজনীতি নকৰে আৰু শ্ৰীমন্ত শংকৰ সংঘক জাতি-ধর্ম-নিৰ্বিশেষে সহযোগিতা কৰে।" এই মন্তব্য উত্তৰ-পূৰ্ব্বাঞ্চলৰ সৰ্ব্ববৃহত জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ। উল্লেখ্য যে কামপুৰৰ হলধৰ ভূঞা সমন্বয় ক্ষেত্ৰত শংকৰ সংঘৰ কামপুৰ জিলা শাখাৰ অধিবেশনখন দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কামপুৰ পাৰলিগুৰি বামন থানত ।
বিভিন্ন কাৰ্যসূচীৰে লোকসেৱক হলধৰ ভূঞা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অধিৱেশনৰ মুকলি সভাখনত উপস্থিত থাকি অসমৰ সাম্প্ৰতিক সময়ৰ পৰিস্থিতিৰ ওপৰত বহুবোৰ গুৰুতৰ মন্তব্য আগৱঢ়াই। কামপুৰ জিলা শাখাৰ সভাপতি ৰবিৰাম বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত পদাধিকাৰগৰাকীয়ে কয় যে গণতন্ত্ৰ চৰকাৰ অবিহনে চলিব নোৱাৰে। সেয়ে সকলোকে চৰকাৰৰ পৃষ্ঠপোষকতা লাগিব বুলিও পদাধিকাৰজনে মন্তব্য কৰে।
বিশ্ববিদ্যালয় নিৰ্মাণত পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰে তেওঁলোকক যথেষ্ট সহায় কৰা বুলি মন্তব্য কৰে । পদাধিকাৰগৰাকীয়ে মন্তব্য কৰে যে তেওঁলোক সকলো চৰকাৰৰ লগত আছে কিন্ত দলীয় ৰাজনীতিত নাই । যি দলৰ চৰকাৰে নাথাকক কিয় তেওঁলোক সেই চৰকাৰৰ লগতে থাকিব বুলি জানিবলৈ দিয়ে। শ্ৰীমন্ত শংকৰ সংঘ এটা অৰাজনৈতিক অনুষ্ঠান আৰু সংবিধান মতে কোনো ৰাজনীতি কৰা লোকে প্ৰাথমিক পৰ্যায়টোৰ পৰাই কোনো বিষয় বাব ল'ব নোৱাৰে।
ভাৰতবৰ্ষ এখন সাৰ্বভৌম ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশ। সংবিধান প্ৰদত্ত আৰু ৰাষ্ট্ৰৰ বাহিৰৰ লোকক সংবিধান বিৰোধী । এনেকাৰণত শ্ৰীমন্ত শংকৰ সংঘই নাগৰিকত্ব সংশোধনী আইন স্পষ্ট ভাষাত বিৰোধিতা কৰা বুলি কয়। অহা ৬ পৰা ৯ ফেব্ৰুৱাৰীলৈ হ'ব লগা মৰিগাঁৱৰ শংকৰ সংঘ অধিৱেশনত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত নাথাকে বুলি স্থিতি স্পষ্ট কৰে পদাধিকাৰগৰাকীয়ে।
তেওঁ কয় যে এটা বছৰৰ আগতেই প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ কৰা হৈছিল যদিও প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ নিমন্ত্ৰক সন্মান প্ৰৰ্দশন নকৰিলে। মৰিগাওঁ অধিৱেশনৰ কাম পূৰ্ণগতিত চলিছে । অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পথত। মৰিগাওঁবাসী ৰাইজৰ সেৱাৰ মনোভাৱ থকা বুলি কোৱাৰ লগতে উদৰতা থকা বুলিও কয়। শংকৰ সংঘৰ পূৰ্বৰ অধিৱেশনত সেৱাবাহিনী জড়িত হৈ অধিৱেশনৰ গতি সলনি কৰি দিছিল বুলি এইবাৰো সবাংগ সুন্দৰ হ'ব বুলি আশা ব্যক্ত কৰে। অধিবেশনত ১০ৰ পৰা ১২ লাখ ভক্তৰ সমাগম হ'ব বুলি তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
সভাখনত শ্ৰীমন্ত শংকৰদেৱ শংঘৰ প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা উপস্থিত থাকি মহাপুৰুষ দুয়োজনাৰ জীৱন আৰ্দশ লগতে শ্ৰীমন্ত শংকৰ সংঘৰ নীতি আৰ্দশৰ বিশ্লেষণ কৰে । বৰাই উল্লেখ কৰে যে আমাৰ সমাজত যেতিয়া অন্যায় যাগ-যজ্ঞই গা কৰি উঠিছিল তেতিয়া মহাপুৰুষ শংকৰদেৱৰ অন্তৰে কান্দি উঠিছিল।
কিন্ত যুদ্ধ কৰিব যোৱা নাছিল ইয়াৰ বিপৰীতে গুৰুজনাই ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মশাস্ত্ৰবোৰ অধ্যয়ন কৰি তেওঁ নিজা চিন্তা-চৰ্চাৰে জাতিটোক বচাবৰ বাবে ব্ৰজাৱলী ভাষাটো সৃষ্টি কৰি মানুহক বুজাবৰ চেষ্টা কৰিছিল। গুৰুজনাই নামঘৰ প্ৰতিষ্ঠা কৰি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। যি বিশ্ববিদ্যালয়ত সকলো জাতি-বৰ্ণ নিবিশেষে একেলগে বহি চৰ্চা কৰিব পাৰিছিল বুলি প্ৰফুল্ল বৰাই মন্তব্য কৰে । তেওঁ ভগৱান কৃষ্ণ যে আছে তাক বুজাবৰ বাবে মনিকূট স্থাপন কৰি আসন প্ৰতিষ্ঠা কৰি নাম-কীৰ্তন কৰাৰ ব্যৱস্থা কৰিছিল। গুৰুজনাই সেইসময়তে কৃষি কৰ্মৰ ব্যৱস্থা কৰিছিল; বাহঁ-বেটৰ উদ্যোগ; কাহঁ-পিতলৰ আৰু বস্ত্ৰ উদ্যোগ স্থাপন কৰিছিল ।
মহাপুৰুজনৰ সেই আৰ্দশক আমাৰ মানুহখিনিয়ে চিনি নাপালে। মহাপুৰুষজন যোৱাৰ পিছত সকলো দায়িত্ব মুৰপাতি লৈ মাধৱদেৱে আগুৱাই নিছিল যদিও পিছত নিজৰ নিজৰ চিন্তা-চৰ্চাৰে ভাগ ভাগ কৰি অসমখনক ভাগ ভাগ কৰি পেলাই । আজিৰ অসমীয়া নিজক চিনি নোপোৱাৰ বাবে কান্দিব লগা হোৱা বুলি প্ৰধান সম্পাদকজনে মত ব্যক্ত কৰে । এনে পৰিস্থিতিত হলধৰ ভূঞাৰ নেতৃত্বত শ্ৰীমন্ত শংকৰদেৱ সংঘ জন্ম হোৱা বুলিও মন্তব্য কৰে। সভাখনত যুৱ বক্তা হিচাপে উপস্থিত থাকি কৃষ্ণ কিঙ্কৰ খাটনিয়াৰে তাত্বিক ভাষণৰে সকলোকে মুগ্ধ কৰি ৰাখে ।
তেওঁ সৰ্ব্বপল্লী ৰাধাকৃষ্ণনৰ এটা উক্তিৰ কথা উল্লেখ কৰি কয় যে যি সকল ডিগ্ৰী লওতাৰ ধৰ্মীয় আৰু সাংস্কৃতিক জ্ঞান নাই সেইসকল বিশ্ববিদ্যালয়, সমাজ, সাংস্কৃতিৰ : সভ্ৰতাৰ বোজা । ধৰ্ম হৈছে সমাজখনক ঐক্যৰে বান্ধি ৰাখা আৰু সমাজখনক ঐক্যৰ প্ৰতি সংগঠিত কৰি ৰখা বুলি কৈ তেওঁৰ ভাষণত উল্লখ কৰে যে ৰাম-ৰহিম, ৰংপি-ৰাভা কোনো পৰ নহয় আৰু আমাৰ আপোন হাতৰে গঢ়িম আমাৰ আপোন এখন ঘৰ । যুৱ বক্তাজনে মন্তব্য কৰ যে মানৱতাদৰ এই নীতিৰে আমি আমাৰ ঘৰৰ ভেটি গঢ়িবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা হাতত ল'লেহে বিভিন্ন জাতি, ভিন্ন ধৰ্মই, চিফুঙ মাদল পেপাৰ সুৰেৰে গঢ়িব অসম দেশ ।
তেওঁ আৰু কয় যে তেতিয়াহে অসমখন সুন্দৰ হ'ব যেতিয়া মোৰ মাতৃভূমি সুন্দৰ হ'ব মোৰ দেশ সুন্দৰ হ'ব বিশ্বখন সুন্দৰ হ'ব আৰু আপুনি মই বিশ্বখনৰ সুদক্ষ নাগৰিক হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিম । কামপুৰ জিলা শাখাৰ নৱম বাৰ্ষিক অধিবেশনত উপস্থিত থাকি পাই তেওঁ আনন্দবোধ কৰি কয় কয় যে যি নৱম বাৰ্ষিক অধিবেশনে নটা আনন্দক প্ৰতিনিধিত্ব কৰিছে।
উক্ত সভাখনত বঢ়মপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে সমাজ সেৱক নিৰঞ্জন বৰা, কামপুৰ জিলা শাখাৰ সভাপতি ৰবিৰাম শইকীয়া আধ্যত্মিক ভাষনৰে সকলোকে মুগ্ধ কৰে। মুকলি সভাখনতে স্মৃতি গ্ৰন্থ "কৃষ্ণ পাৱে নিজোক মন" উন্মোচন কৰে । নিশাৰ ভাগলৈ্ এখন অসমীয়া ভাওঁনা প্ৰৰ্দশন কৰা হয়।
- Log in to post comments
- 81 views