তামুলপুৰত আছুৰ ৰঙিয়া-তামুলপুৰ-ভূটান পথ অৱৰোধ

a

তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ
বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মটঙা চ'কত ৰঙিয়া-তামুলপুৰ-ভূটান পথ অৱৰোধেৰে তামুলপুৰ মহকুমা আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আজি তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থা, দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে তামুলপুৰ মহকুমা আছুৰ অন্তৰ্গত কেইবাটাও শাখা ছাত্ৰ সন্থাই আজি দিনৰ ১২ বজাত আন্তঃৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধৰে বিধেয়ক বিৰোধী কাৰ্যসূচী ৰূপায়ণ কৰে।

s

নলবাৰী-ঘগ্ৰাপাৰত আছুৰ সদস্যৰ নিৰ্যাতনকাৰীক ধিক্কাৰ দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায়  হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,  বিজেপিৰ গুণ্ডামি নচলিব, বিজেপি গ' বেক, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, নলবাৰী পুলিচ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, হিন্দু-মুছলিম ভাই ভাই আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে।

এঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰ বাবে ৰঙিয়া-তামুলপুৰ-ভূটান পথত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকাই এসময়ত ছাত্ৰ সন্থাৰ নেতৃত্ব দিয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবী জনায়।

Your Comments