অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত আজি শাব্দিক আৰু নতুন খোজৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে 'কবিতাৰে প্ৰতিবাদ' শীৰ্ষক এক কবিতানুষ্ঠান অনুষ্ঠিত হয় ৷ বঙাইগাঁৱৰ পুৰণি বঙাইগাঁওস্থিত নিয়তি সংঘত অনুষ্ঠিত এই কবিতাৰে প্ৰতিবাদ অনুষ্ঠানটো সঞ্চালনা কৰে টুনীয়া সাহিত্য-সংস্কৃতি মঞ্চৰ সভাপতি ধীৰেশ চন্দ্ৰ ৰায়ে ৷
উদ্যোক্তা পংকজ পৰাণ বৰ্মনে আদৰণী ভাষণ পাঠ কৰা অনুষ্ঠানত অসমীয়া প্ৰতিদিন কাকতৰ বঙাইগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত কুমাৰ শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে বক্তব্য ৰাখে ৷ অনুষ্ঠানত তেওঁৰ লগতে জ্যেষ্ঠ সাহিত্যিক হৰিধন ডেকা, বঙাইগাঁও শাখা সাহিত্য সভাৰ উপ-সভাপতি ৰমেন দাস, কোকৰাঝাৰৰ জ্যেষ্ঠ লেখক কান্তেশ্বৰ ৰায়, নিভা নাৰায়ণ দেৱী, অপূৰ্ব কুমাৰ বৰ্মন, সুৰেশ চন্দ্ৰ ৰায়, অনুপমা সৰকাৰ মেধী, লাবন্য নাথ, দীপাংকৰ ৰায়, জুৰি বৰুৱা, নিভা সৰকাৰ, গিৰিশ বৰুৱা, বনলতা দাস, নৱজীৱন ৰায়, অশোক ৰায়, গিৰিশ বৰুৱা, পবিত্ৰ কুমাৰ নাথ আদিয়ে উপস্থিত থাকি কবিতা পাঠ কৰাৰ লগতে বক্তব্য ৰাখে ৷
- Log in to post comments
- 54 views