ছয়গাঁৱৰ গুমিত স্বামী-স্ত্ৰীসহ কণমানি পুত্ৰক নৃশংসভাৱে হত্যা 

ো

ছয়গাঁৱৰ পৰা বিপুল দাস 

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গুমি আমবাৰীত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । নিজ ঘৰৰ ভিতৰত দুৰ্বৃত্তই হত্যা কৰে স্বামী-স্ত্ৰীসহ পাঁচ বছৰীয়া শিশু পুত্ৰক। ঘটনাটো নিশা প্ৰায় চাৰে-দহ বজাত সংঘটিত হয়। দুৰ্বৃত্তৰ হাতত মৃত্যু হোৱা লোক কেইজন হ'ল আচুৰুদ্দিন আলী আৰু তেওঁৰ পত্নী ইয়াতুন নেতা আৰু পাঁচ বছৰীয়া শিশু পুত্ৰ কুৰবান আলী। দুৰ্বৃত্তৰ দলটোৱে পৰিয়ালটোৰ তিনিওজনকে হাতুৰিৰে কোবোৱাৰ লগতে চোকা অস্ত্ৰৰে নিৰ্মমভাৱে ঘপিয়াই হত্যা কৰে ।

ঘাটকৰ দলটোৱে তেওঁলোকক হত্যা কৰিয়েই ক্ষান্ত থকা নাই মৃতদেহকেইটা চোচোৰাই নি ওচৰৰ কলহী নৈৰ পাৰত পেলাই থৈ যায় । আনহাতে নৈৰ পাৰৰ পৰা স্বামী-স্ত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও শিশুজনৰ মৃতদেহটো উদ্ধাৰ কৰিব পৰা নাই । অৱশ্যে শিশুটোক নৈত পেলাই দিয়াৰ সন্দেহ কৰা হৈছে৷ এছডিআৰএফৰ ডুবাৰুৰ দলে শিশুটিৰ সন্ধানত নৈত অভিযান চলাই যদিও কোনো সন্ধান উলিয়াব নোৱাৰিলে।

আনহাতে এই নৃশংস হত্যাকাণ্ডটোৰ সময়ত একেটা কোঠালিতে থকা তেওঁলোকৰ প্ৰায় ১০ বছৰীয়া কন্যা আছিয়া বেগম আৰু প্ৰায় চাৰিবছৰীয়া ভতিজা মুস্তাফ আলী খাটৰ তলত লুকাই প্ৰাণ ৰক্ষা কৰে । এই হত্যাকাণ্ডটো ব্যক্তিগত শত্ৰুতাৰ বাবে সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে ।

আনহাতে মৃত্যুৰ পৰা হাত সৰা তেওঁলোকৰ কন্যাই মাক দেউতাকক হত্যা কৰা দুজন অপৰাধীক চিনি পোৱা বুলি প্ৰকাশ কৰিছে। শিশু কন্যাগৰাকীয়ে জানিব দিয়ামতে আনছেৰ ওৰফে বগা আৰু ৰেজ্জাক আলী নামৰ লোকদুজনে প্ৰায়ে তেওঁলোকৰ ঘৰলৈ আহে । অইনদিনাৰ দৰে কালি নিশাও সেই দুজনৰ লগতে আৰু আন চাৰিজনমান লোক তেওঁলোকৰ ঘৰলৈ আহে আৰু নিশা উক্ত নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰে । শিশু কন্যাগৰাকীৰ সন্মুখতে পিতৃৰ বন্ধুৱে চকুৰ সন্মুখতে হত্যাকাণ্ডটো সংঘটিত কৰাত ভয়তে পেপুৱা লাগে কনমাণি দুই শিশু ।

ইফালে আচুৰুদ্দিন পিতৃ-মাতৃৰ ওচৰত থকাৰ বিপৰীতে ভায়েক আব্দুল ৰৌফ আন এটা কোঠালীত অকলে শুই আছিল । ঘাটকৰ দলটোৱে আন এটা কোঠালীত নিৰ্মম হত্যাকাণ্ডটো চলাই থকাৰ কথা জানিব পাৰিও প্ৰাণৰ মমতাত বাহিৰলৈ ওলাই যাব পৰা    নাছিল ।

আজি পুৱা এই ঘটনাৰ বিষয়ে বিয়পি পৰাত ঘটনাস্থলী হেজাৰ হেজাৰ লোক সমবেত হয় । ঘটনাস্থলীত ছয়গাঁও আৰক্ষী থানাৰ আৰক্ষী দলৰ লগতে উচ্চ পদস্থ আৰক্ষীৰ বিষয়াও উপস্থিত হৈ ঘটনাৰ বুজ লয় । অপৰাধীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে স্নিগাৰ ডগ আনি আনি অনুসন্ধান চলাই যদিও অপৰাধীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ।

ইপিনে পৰিয়ালৰ লোকে এই ঘটনাত কেইবাজনো লোক জড়িত থকাৰ সন্দেহ কৰিছে যদিও ঘটনাটোৰ লগত পৰোক্ষভাৱে আনছেৰ আলী ওৰফে বগা, হাতীপাৰাৰ মতিন আলী আৰু জামবাৰীৰ ৰেজ্জাক আলীৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে। 

Your Comments