মাজুলী জিলাৰ অন্তৰ্গত মিচিং স্বায়ত্তশাসিত পৰিষদৰ তিনিটা সমষ্টিত আজি অনুষ্ঠিত গণতান্ত্ৰিক নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। মাজুলীৰ তিনিটা সমষ্টি ক্ৰমে ৩০নং চাংগা মাজুলী, ৩১নং ফুলনি জকাইবোৱা আৰু ৩২নং ৰাদাং ৰিক্কং সমষ্টিৰ অন্তৰ্গত ৯১টা ভোটকেন্দ্ৰত ভোটদানৰ পৰিমাণ ৭২ শতাংশ বুলি প্ৰকাশ কৰিলেও চৰ-চাপৰিত অৱস্থিত একাংশ ভোটকেন্দ্ৰৰ প্ৰতিবেদন আহি পোৱা নাই বুলি নিৰ্বাচন বিভাগে জানিবলৈ। এই ভোটদানৰ পৰিমাণ আৰু অধিক বৃদ্ধি পাব বুলি সদৰী কৰিছে বিভাগটোৱে। ইপিনে কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নামনি মাজুলীৰ মিছামৰা এল পি স্কুল ভোটকেন্দ্ৰত ৪০গৰাকী ভোটাৰ ভোটদানৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উথাপিত হৈছে।
ভোট গ্ৰহণৰ অন্তিম সময়সীমা বিয়লি ৩ বজাত সামৰিব লাগে যদিও নিৰ্দিষ্ট সময়তকৈ ১০ মিনিট আগতে ভোটগ্ৰহণ বন্ধ কৰি দিয়াক লৈ গণশক্তি, বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতি হয়। লগতে নিৰ্বাচনী বিষয়াসকলক আবদ্ধ কৰি ৰাখে। অৱশ্যে পৰৱৰ্তী সময়ত মাজুলী জিলা আৰক্ষী প্ৰশাসনৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ২১নং ৰতনপুৰ মিৰি এম ভি স্কুল ভোটকেন্দ্ৰৰ ভোটাৰ তালিকাৰ বিসংগতিৰ বাবে কিছু সমস্যাৰ সৃষ্টি হয়। বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি নতুন ভোটাৰ তালিকাৰে ভোটদান হয়।
৬৩নং বাহপৰা এল পি স্কুল ভোট কেন্দ্ৰত ভোটাৰ তালিকাৰ বিসংগতিৰ বাবে ৭০গৰাকী ভোটাৰ ভোটদানৰ পৰা বঞ্চিত হয়। একেদৰে ২নং ফুলনি কাৰ্কিচুক এল পি স্কুল ভোটকেন্দ্ৰতো ভোটাৰ তালিকাৰ বিসংগতি পৰিলক্ষিত হয়। উল্লেখ্য যে ৩০নং চাংগা মাজুলী সমষ্টিত শাসকীয় দল গণশক্তি, কংগ্ৰেছ, বিজেপি, অগপ আৰু নিৰ্দলীয়, ৩১নং ফুলনি জকাইবোৱা সমষ্টিত বিজেপি-গণশক্তি মিত্ৰজোঁট, কংগ্ৰেছ, অগপ আৰু নিৰ্দলীয় আৰু ৩২নং ৰাঃদাং ৰিক্কং সমষ্টিত বিজেপি-গণশক্তিৰ মিত্ৰজোঁট, কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা হয়।
- Log in to post comments
- 10 views