আদিবাসী জাতীয় মহাসভাই আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধলৈ পূৰ্ণ সমৰ্থন আক্ৰাছুৰ 

w

বৰ্তমান যি ধৰণে অসমত ভৈয়াম আৰু পাৰ্বত্য জনজাতিকৰণৰ ব্যৱস্থা প্ৰৱৰ্তিত হৈ আছে ঠিক সেই ধৰণৰ ব্যৱস্থাৰে আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছো ৷ আমাক কোনো অন্যান্য জনজাতিকৰণ নালাগে-এই মন্তব্য সদৌ কোচ ৰাজবংশী ছাত্ৰৰ ৷ আজি সংগঠনটোৰ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিলে যদিও প্ৰতিশ্ৰুতি অনুসৰি লোকসভা আৰু ৰাজ্যসভাত বিধেয়কখন গৃহীত নকৰিলে ৷

ইয়াৰ পৰা আৰু বুজিবলৈ বাকী নাই যে এয়া বিজেপি চৰকাৰৰ ভেল্কীবাজিৰ বাহিৰে আন একো নহয় ৷ ইপিনে মন্ত্ৰীগোটৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাই এক সাক্ষাৎকাৰত কৰা মন্তব্যৰ জৰিয়তে বৰ্তমান সময়ত ছয় জনগোষ্ঠীক অন্যান্য জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব বিচৰাটো স্পষ্ট হৈ পৰিছে বুলি মন্তব্য কৰি কয় যে যাৰ জৰিয়তে বৰ্তমান সময়ত বিটিএডিত বসবাস কৰা কোচ ৰাজবংশীয়ে হওক বা আদিবাসীয়েই হওক তেওঁলোকে ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হ'ব ৷

কিন্তু আমি কোনো কাৰণতে এনেকুৱা ধৰণৰ জনজাতিকৰণ গ্ৰহণ নকৰো ৷ আমাৰ স্পষ্ট কথা এয়ে যে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যি ধৰণৰ জনজাতিকৰণৰ মৰ্যাদা লাভ কৰি আহিছে, শেহতীয়াভাৱে অসমতো আমাক সেই ধৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে ৷ কাৰণ বিগত ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত আমাৰ জনজাতিকৰণৰ বাবে তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ নেতৃত্বত এখন মডেলিটি কমিটি গঠন কৰি দিছিল আৰু সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিচত তথ্য সহকাৰে যোৱা ২০১৮ চনৰ ২৯ ডিচেম্বৰত প্ৰতিবেদন দাখিল কৰিছিল ৷

এই প্ৰতিবেদনৰ ভিত্তিতে ভাৰত চৰকাৰে কেবিনেটত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু লোকসভাত ৮ জানুৱাৰীত জনজাতিকৰণৰ বিষয়টো চৰকাৰে উত্থাপন কৰিছিল ৷ কিন্তু আমি আশা কৰা ধৰণে লোকসভা আৰু ৰাজ্যসভাত গৃহীত নকৰিলে ৷ যাৰ বাবে প্ৰতিটো নিৰ্বাচনৰ পূৰ্ৱে যি দৰে ৰাজনৈতিক দল তথা চৰকাৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক নিৰ্বাচনী টোপ হিচাপে গ্ৰহণ কৰে বিজেপি চৰকাৰেও একেই পন্থা গ্ৰহণ কৰিছে বুলি আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে সন্দেহ প্ৰকাশ কৰে ৷

সংবাদ মেলত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে আৰু কয় যে  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগে লগে বৰ্তমানৰ বিপিএফ দলৰ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে তেৱঁৰ ৰাইটিং পেডত কেন্দ্ৰীয় গৃহমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷ যোৱা ১০ জানুৱাৰীত প্ৰদান কৰা এই স্মাৰক পত্ৰত স্পষ্টভাৱে উল্লেখ আছে যে সংবিধানৰ ৩৩০ অনুচ্ছেদ আৰু ৩৩২ অনুচ্ছেদ অনুসৰি বৰ্তমান বিটিএডিত বসবাস কৰি থকা জাতি- জনগোষ্ঠীসকলক অৰ্থাৎ কোচ ৰাজবংশী আৰু আদিবাসীসকলক ৰাজনৈতিক অধিকাৰৰ পৰা আৰম্ভ কৰি বিধানসভা, লোকসভা, পৰিষদীয় নিৰ্বাচন, চাকৰি-বাকৰি আদি কৰি সকলো ক্ষেত্ৰতে বঞ্চিত কৰি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৷ কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে বিগত ২০১৬ চনৰ ৮ জুলাইত বৰ্তমানৰ বিপিএফ নেতৃত্বাধীন বিটিচি পৰিষদৰ তৰফৰ পৰা কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু জনজাতি মন্ত্ৰালয়ক এখন এন অ চি প্ৰদান কৰিছিল ৷

এতিয়া চৰকাৰে জনগোষ্ঠী দুটাক জনজাতিকৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰাত এই একেখন বিটিচি পৰিষদে বৰ্তমান সময়ত জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত বিৰোধিতা কৰি বিটিএডিত কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ যি ৰাজনৈতিক সুবিধা সেই সুবিধাৰ পৰা বঞ্চিত কৰি জনজাতিকৰণৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰাটোৱে তেওঁলোকৰ দুমুখীয়া স্থিতিকে প্ৰকাশ কৰিছে বুলি

কয় ৷

সেয়ে আমাৰ স্থিতি স্পষ্ট যে কোনো কাৰণতে আমাক এনেকুৱা ধৰণৰ জনজাতিকৰণ নালাগে ৷ যি প্ৰক্ৰিয়াৰে চৰকাৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব বিচাৰিছে সেয়া নহয় ,বৰং আমাক সম্পূৰ্ণ পৰ্যায়ৰহে জনজাতিকৰণৰ পৰ্যাদা লাগিব ৷ ইতিমধ্যে আমাৰ জনজাতিকৰণৰ বাবে যি পাঁচটা বৈশিষ্ট্য লাগিছিল সেয়া সম্পূৰ্ণ হৈছে৷ এই ক্ষেত্ৰত আকৌ এতিয়া অন্যান্য জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ কাৰণে বৰ্তমান এখন সমিতি গঠন কৰি দিছে ৷

গতিকে এই সমিতিখনক আমি স্পষ্টভাৱে ক'ব বিচাৰিছো যে কোনো কাৰণতে আমাক অন্যান্য জনজাতিকৰণৰ মৰ্যাদা নালাগে ৷ ইপিনে কাইলৈ (১৮ জানুৱাৰী) পুৱাৰে পৰা আদিবাসীসকলক জনজাতিকৰণৰ দাবীত আদিবাসী জাতীয় মহাসভাই আহ্বান জনোৱা বাৰ ঘন্টীয়া অসম বন্ধৰ কাৰ্যসূচীলৈ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথাও ঘোষণা কৰে ৷

লগতে চৰকাৰে জনজাতিকৰণৰ ক্ষেত্ৰত যি বিভাজনৰ ৰাজনীতিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত অতি শীঘ্ৰে পৰিহাৰ কৰি কোচ ৰাজবংশী, আদিবাসীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনায় ৷ আক্ৰাছুৱে আদিবাসী মহাসভাক বন্ধৰ সময়চোৱাত জৰুৰীকালিন সেৱাসমূহক ৰেহাই দিয়াৰ বাবেও আহ্বান জনায় ৷  উল্লেখ্য যে আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মেলত প্ৰকাশ কৰা মতে আক্ৰাছু, মহিলা সমিতি আৰু চিলাৰায় সেনাৰ এখন যৌথ কাৰ্যনিৰ্বাহক সভা মঙলবাৰে বঙাইগাঁওস্থিত লংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছিল আৰু সেই সভাতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক চৰকাৰে বিভাজনৰ ৰাজনীতিৰে জনজাতিকৰণ কৰিব বিচৰা বিষয়ৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ বাবে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিমান দল-সংগঠন আছে সকলোৰে উপস্থিতিত অহা ১৯ জানুৱাৰীৰ পুৱা ১১.৩০ বজাত বঙাইগাঁও চহৰৰ হোটেল কনিস্কত এখন জৰুৰীকালীন বৈঠক আহ্বান কৰিছে ৷

সেইদিনাই আবেলি দুই বজাত আদিবাসী জনগোষ্ঠীৰ সংগঠনসমূহৰ লগতো আক্ৰাছুৰ বৈঠক অনুষ্ঠিত হ'ব ৷ সেইদৰে অহা ২২ জানুৱাৰীত গুৱাহাটীত কোচ কাজবংশীকে ধৰি ছয় জনগোষ্ঠীয় সংগঠনৰ বৈঠক অনুষ্ঠিত হ'ব ৷ পৰৱৰ্তী সময়ত ছয় জনগোষ্ঠী তথা কোচ ৰাজবংশী জাতীয় সংগঠনসমূহ ঐক্যৱদ্ধ হৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যি ল'ৰা-ধেমালি আৰম্ভ কৰিব বিচাৰিছে ইয়াৰ উচিত প্ৰত্যুত্তৰদিয়াৰ কাৰণে এক ৰণ কৌশল প্ৰস্তুত কৰিব বুলি কয় ৷

আনহাতে অহা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া লোকসভা আৰু ৰাজ্য সভাৰ অধিৱেশনৰ প্ৰথম দিনটোতে যদি আমাক সম্পূৰ্ণ জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অহা এক ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে এলানী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দেখুৱাই দিব বুলিও হুংকাৰ দিয়ে ৷ আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাপে অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ, পথ অৱৰোধ আদি কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও চৰকাৰক সকীয়াই দিয়ে ৷

সংবাদ মেলত উপস্থিত থকা আক্ৰাছুৰ উপ সভাপতি ক্ষীতিশ বৰ্মনে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ এয়া নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাহিৰে আন একো নহয় ৷ কাৰণ ইয়াৰ পূৰ্ৱেও আমাক প্ৰতাৰণা কৰি আহিছে আৰু এইবাৰো এনে পন্থাই লৈছে ৷ সেয়ে যদি সঁচাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছা আছে তেন্তে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক ৷

তেতিয়াহ'লে সদায় ছয় জনগোষ্ঠীৰ লোকসকল তেওঁলোকৰ লগত থকাৰ লগতে তেওঁলোকক সহায়-সহযোগিতা আগবঢ়াব আৰু যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে তেওঁলোক গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলিও সকীয়াই দিয়ে ৷ সমবাদ মেলত কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰ আৰু কেবাজনো আক্ৰাছুৰ বিষয়ববীয়া উপস্থিত আছিল ৷

Your Comments