কোকৰাঝাৰত শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ে পালন কৰিলে শিল্পী দিৱস

ো

সমগ্ৰ অসমৰ লগতে বিটিএডিৰ সদৰ কোকৰাঝাৰতো বৰেণ্য সুৰকাৰ-গীতিকাৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰবালাৰ মৃত্যু বাৰ্ষিকীৰ আজিৰ দিনটো শিল্পী দিৱস হিচাপে উদ্‌যাপন কৰে বিভিন্ন দল-সংগঠনে৷ এই উপলক্ষে কোকৰাঝাৰস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতন বিদ্যালয়তো আজি দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ৰোমন্থন কৰি শিল্পী দিৱস উদযাপন কৰে ৷

পুৱা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে মাল্যপৰ্ণ কৰে আমন্ত্ৰিত অতিথি তথা কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰৱক্তা বিশ্বজিৎ নাথে ৷ আজিৰ অনুষ্ঠানত জন্মলগ্নৰে পৰা বিদ্যালয়খনৰ সৈতে জড়িত সাংবাদিক মনালিছা শৰ্মা, বিদ্যালয়ৰ আৰ্চায্য মৃদুল কুমাৰ নাথ, সমাজকৰ্মী ভীষ্ম তালুকদাৰ আৰু শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত আছিল ৷ অনুষ্ঠানত শিক্ষয়ত্ৰীসকলে সমবেত জ্যোতি সংগীত পাঠ কৰাৰ লগতে বিদ্যালয়খনৰ উপস্থিত কণমানি ছাত্ৰ-ছাত্ৰীসকলে শিল্পী জ্যোতিপ্ৰসাদ আগৰবালাৰ সুৰ আৰু গীতৰ মাজৰে অসমীয়া সমাজক দি যোৱা অৱদানৰ কথা সোঁৱৰাই দিয়ে প্ৰৱক্তা বিশ্বজিৎ নাথে ৷

ভাষণ প্ৰসংগত জ্যোতিপ্ৰসাদৰ আগৰৱালাৰ কৰ্মৰাজি আৰু অসমীয়া সমাজত অতি কম বয়সতে আগবঢ়াই দি যোৱা অৱদানৰ আৰ্দশৰে ছাত্ৰ-ছাত্ৰীসকলক পৰিচালিত হোৱালৈ কয় ৷ আনহাতে বিদ্যালয়ৰ অধ্যক্ষ মৃদুল কুমাৰ নাথে সংবাদমহলত মহান শিল্পীগৰাকীৰ আৰ্দশৰে শিক্ষাৰ্থীসকলে আগন্তক একো-এজন সু-যোগ্য সন্তানহৈ বৃহত্তৰ অসমীয়াৰ সমাজখনক আগবঢ়াই নিয়াৰ আৰ্দশৰ চানেকি হওঁক তাৰ প্ৰয়াসৰে প্ৰতিবছৰৰ দৰে এইবেলিও বিদ্যালয়খনে আজিৰ ১৭ জানুবাৰীৰ দিনটোক শিল্পী দিৱস হিচাপে পালন কৰি আহিছে বুলি সদৰী কৰে ৷ অনুষ্ঠানত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত গীত আৰু নৃত্যৰ লগতে কবিতা আবৃত্তিও পাঠ কৰে ৷
 

Your Comments