জাজৰিৰ পৰা মানস জ্যোতি মহন্ত
মৰিগাঁও জিলাৰ আঁহতগুৰিৰ পাছত আজি নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী জাজৰি পাঘালীত অনুষ্ঠিত হ'ল মধ্য অসমৰ ভোগালী বিহুৰ অন্যতম পৰম্পৰা ম'হ যুঁজ। বিগত বৰ্ষসমূহৰ দৰে এইবছৰো কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত জাজৰি পাঘালী ৰজাপথাৰত অনুষ্ঠিত হয় ম'হ যুঁজ ।
অৱশ্যে কোনো কমিটিৰ উদ্যোগত নহয়, একাংশ ম'হ গোৱালেহে পাতিলে এই ম'হ যুঁজ । উল্লেখ্য যে, সৰ্বোচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞা সত্বেও ঐতিহাসিক পৰম্পৰা জীয়াই ৰাখিবলৈ অনুষ্ঠিত হোৱা ম'হ যুঁজত নগাঁও-মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰায় ১০ হাল গোণা আৰু দমৰা ম'হৰ দ্বাৰা এই যুঁজ সম্পন্ন হয়।
- Log in to post comments
- 55 views