তিনি ছাত্ৰ নেতাৰ মুক্তিৰ দাবীত ১২ ঘণ্টীয়া গোলাঘাট বন্ধ

w

নাগৰিকত্ব সংশোধনী বিধেয়ক বিলৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ গৈ বৰ্তমানেও কাৰাৰুদ্ধ হৈ থকা তিনি ছাত্ৰ নেতাৰ বিনা চৰ্তে মুক্তিৰ দাবী তুলি কাইলৈ গোলাঘাট জিলা বন্ধ ঘোষণা । সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক ৰিতু শইকীয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি মৃণাল নাথ, সম্পাদক কেশৱ বৰা, অসম জাতীয়তাবাদী যুৱ-পৰিষদৰ মিন্টু গগৈয়ে এক প্ৰেছ বিবৃতিৰ যোগে এই কথা ঘোষণা কৰে।

উল্লেখ্য যে যোৱা ৮ জানুৱাৰীৰ পৰা গোলাঘাট জিলা বিজেপিৰ এক গোচৰ সন্দৰ্ভত এই তিনি ছাত্ৰ নেতা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া, অসম জাতীয়তাবাদী যুৱ-পৰিষদৰ জিলা সাংগঠনিক সম্পাদক ৰাজীৱ লস্কৰ গোলাঘাটৰ কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে আৰু কাৰাগাৰতে জাতিধ্বংসী বিধেয়ক বিলৰ বিৰুদ্ধে আমৰণ অণশনৰ কাৰ্যসূচী গ্ৰহণ কৰি অসুস্থ হৈ পৰাত বৰ্তমান গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Your Comments